ভাৰতীয় বায়ুসেনাত ৩৫০০ পদ খালী

Must Read
spot_img
- Advertisement -

যদি আপুনি ভাৰতীয় বায়ুসেনা অগ্নিবীৰ হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে আপোনাৰ বাবে ওলাইছে সুযোগ৷ সম্প্ৰতি ভাৰতৰ বায়ুসেনাই অগ্নিবীৰ বায়ু নিযুক্তি ২০২৩ৰ বাবে এক বিজ্ঞাপন প্ৰদান কৰিছে৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বায়ুসেনাত ৩৫০০ পদত প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব৷ আগ্ৰহী প্ৰাৰ্থীয়ে সবিশেষ তথ্য ভাৰতৰ বায়ুসেনাৰ ৱেবছাইটৰ পৰা আহৰণ কৰিব পাৰিব৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি ২৭ জুলাইৰ ২০২৩ৰ পৰা অনলাইনযোগে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু আবেদনৰ অন্তিম দিন হৈছে ১৭ আগষ্ট ২০২৩৷

Agniveer women personnel during training

আবেদন মাচুল : ভাৰতীয় বায়ুসেনাত অগ্নিবীৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীয়ে ২৫০ টকাৰ আবেদন মাচুল অনলাইনযোগে জমা দিব লাগিব৷

বয়সৰ সীমা : বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি বায়ুসেনাত অগ্নিবীৰৰ বাবে আবেদনকাৰীৰ জন্ম ২৭ জুন ২০০৩ৰ পৰা ২৭ ডিচেম্বৰ ২০০৬ৰ ভিতৰত হ’ব লাগিব৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই লাভ কৰিব৷

শৈক্ষিক অৰ্হতা : আবেদনকাৰী যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব৷ অধিক তথ্যৰ বাবে প্ৰাৰ্থীয়ে বায়ুসেনাৰ ৱেবছাইট ভিজিট কৰক৷

নিৰ্বাচন প্ৰক্ৰিয়া : ভাৰতীয় বায়ুসেনাই অগ্নিবীৰ বায়ু নিযুক্তি ২০২৩ৰ বাবে প্ৰাৰ্থীৰ লিখিত পৰীক্ষা, ফিজিকেল টেষ্ট, ডকুমেণ্ট পৰীক্ষণ আৰু মেডিকেল পৰীক্ষা গ্ৰহণ কৰিব৷ লিখিত পৰীক্ষাত প্ৰতিটো প্ৰশ্নৰ বিপৰীতে এক নম্বৰ থাকিব৷ প্ৰাৰ্থীয়ে ভুল উত্তৰ লিখিলে ০.২৫ নিগেটিভ নম্বৰ কৰ্তন কৰা হ’ব৷

কেনেকৈ আবদেন কৰিব : প্ৰথমতে প্ৰাৰ্থীয়ে বায়ুসেনাৰ ৱেবছাইট ভিজিট কৰক৷ ইয়াৰ পাছত নিযুক্তিৰ লিংকত ক্লিক কৰক৷ এতিয়া ব্যক্তিগত তথ্যপাতি জমা দি নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড লগ ইন কৰক৷ এতিয়া অনলাইনত উপলব্ধ আবেদনপত্ৰ পূৰণ কৰক আৰু আবেদনপত্ৰ এবাৰ পৰীক্ষা কৰি জমা দিয়ক৷ এতিয়া আবেদন মাচুল আদায় দিয়ক আৰু প্ৰয়োজনীয় ডকুমেণ্ট আপলোড কৰক৷ আবেদনপত্ৰ জমা দিয়াৰ পাছত প্ৰাৰ্থীয়ে ইয়াৰ এটা কপি প্ৰিণ্ট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখক৷

 

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0