spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১৭১৪ পদ, দিল্লী আৰক্ষীত ১৬২ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

Must Read
spot_img
- Advertisement -

♦ চৰকাৰী চাকৰিৰ সন্ধানত যুৱ প্ৰজন্মৰ বাবে ভাল খবৰ৷ ষ্টাফ ছিলেকচন কমিছন (এছএছচি)-এ ছাব ইন্সপেক্টৰৰ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এছএছচিয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১৭১৪ পদত আৰু দিল্লী আৰক্ষীত ১৬২ পদত প্ৰাৰ্থীক নিযুক্তি দিব৷ ইচ্ছুক প্ৰাৰ্থীয়ে অহা ১৫ আগষ্টৰ ভিতৰত www.ssc.nic.in ৱেবছাইট ভিজিট কৰি পদৰ বাবে আবেদন কৰিব পাৰিব৷

SSC Logo

বেতন নিৰিখ : নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক মাহে ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকালৈকে বেতন প্ৰদান কৰা হ’ব৷
বয়সৰ সীমা : ছাব ইন্সপেক্টৰ পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স কমেও ২০ বছৰ আৰু সৰ্বাধিক ২৫ বছৰ হ’ব লাগিব৷
অনুসূচিত জাতি, জনজাতিৰ প্ৰাৰ্থীৰ বাবে পাঁচ বছৰৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে তিনি বছৰৰ বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই দিয়া হ’ব৷

আবেদন মাচুল : আবেদনকাৰীয়ে ১০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব৷ মহিলা প্ৰাৰ্থী, অনুসূচিত জাতি, জনজাতি, পিডব্লিউডি আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে আবেদন মাচুল আদায় দিব নালাগে৷
শৈক্ষিক অৰ্হতা : আবেদনকাৰী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব৷
নিৰ্বাচন প্ৰক্ৰিয়া : নিযুক্তিৰ বাবে প্ৰথম প্ৰাৰ্থীৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ এই পৰীক্ষা অনলাইনত কম্পিউটাৰৰ মাধ্যমৰে লোৱা হ’ব৷ ইয়াৰ পাছত প্ৰাৰ্থীয়ে ফিজিকেল টেষ্ট গ্ৰহণ কৰি প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষা কৰি মেধাৰ ভিত্তিত পদত নিযুক্তি দিয়া হ’ব৷

SSC Multi Tasking (Non-Technical) final result out at ssc.nic.in, get link  - Hindustan Times
কেনেকৈ আবদেন কৰিব : প্ৰাৰ্থীয়ে প্ৰথমে www.ssc.nic.in ৱেবছাইট ভিজিট কৰিব লাগিব৷ এতিয়া ৱেবছাইটত থকা ৰেজিষ্ট্ৰাৰ শিতানত ক্লিক কৰক৷ এতিয়া সকলো প্ৰয়োজনীয় তথ্যপাতি জমা দি অনলাইনত আবেদনপত্ৰ পূৰণ কৰক৷ প্ৰাৰ্থীয়ে অনলাইনযোগে আবদন মাচুল আদায় দিব লাগিব৷ ইয়াৰ পাছত আবেদন পত্ৰ অনলাইনত জমা দিয়ক৷ প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ কপি এটা প্ৰিণ্ট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখিব পাৰিব৷

17 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0