কোম্পানী ছেক্ৰেটাৰীঃ ✒️ অঞ্জু শাণ্ডিল্য

Must Read
spot_img
- Advertisement -

Home | Assam Industrial Development Corporation Ltd | Government Of Assam,  India

কোম্পানী সচিব বা ছেক্ৰেটাৰী বৰ্তমান যুগত এক মৰ্যাদাসম্পন্ন বৃত্তি৷ চৰকাৰী-বেচৰকাৰী বাণিজ্যত এই বৃত্তিৰ ব্যাপক পৰিসৰ আছে৷ ইয়াৰ বাবে থকা পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিষ্ঠান, ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰে৷ কোম্পানীৰ প্ৰশাসনীয়, হিচাপৰক্ষণ, আইনগত আৰু পৰিচালনা বিভাগত দায়িত্বশীল পদ থাকে৷ এই পাঠ্যক্ৰম ‘দি ইন্‌ষ্টিটিউট অব কোম্পানী ছেক্ৰেটাৰীজ অব ইণ্ডিয়া (ICSI)ই পৰিচালনা কৰে৷

Home | ASSAM INDUSTRIAL INFRASTRUCTURE DEVELOPMENT CORPORATION | Government  Of Assam, India

কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদবীৰ চাকৰিত শিক্ষা মন্ত্ৰালয়ে কোম্পানী সচিবক অনুমোদন জনাইছে৷ বহুতো প্ৰতিষ্ঠানত ICSI-ৰ সদস্যপ্ৰাপ্ত কোম্পানী সচিব নিয়োগ কৰা বাধ্যতামূলক৷ বেংক, চৰকাৰী বাণিজ্যিক কেন্দ্ৰ, ল-বোৰ্ড, চৰকাৰী হিচাপ-নিকাচ বিভাগ, ষ্টক একচেঞ্জযোগে ব্যৱসায় কৰা প্ৰতিষ্ঠাবোৰতো কৰ্মসংস্থাপন পোৱা যায়৷ ব্যক্তিগত প্ৰতিষ্ঠানতো নিয়োগৰ সুবিধা আছে৷ এই পাঠ্যক্ৰম তিনিটা ভাগত বিভক্ত- বুনিয়াদী (Foundation), মধ্যৱৰ্তীকালীন (Intermediate), চূড়ান্ত (Final)৷ ফাইন আৰ্টছৰ বাদে সকলো বিভাগৰ স্নাতক প্ৰাৰ্থীয়ে মধ্যৱৰ্তীকালীন পাঠ্যক্ৰম পঢ়িব পাৰে৷ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰাৰ্থীয়ে বুনিয়াদী পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব৷ শিক্ষানুষ্ঠানৰ ঠিকনা – (1) Assam Industrial Development Corporation Ltd, R.G. Baruah Road, Guwahati-24

(2) Eastern India Regional Council, ICST, 18-A, Everest House (18th Floor), 46-C Chouwringee Road, Kolkata-700071.

(3) The Institute of Company Secretaries of India (ICSI), ICSI House, 22 Institutional Area, Lodi Road, New Delhi-110003.

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0