এছএছচিৰ অধীনত ১,৩২৪ জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ

Must Read
spot_img
- Advertisement -

♦ ষ্টাফ ছিলেকচন কমিচন (এছএছচি)-এ সম্প্ৰতি জুনিয়ৰ ইঞ্জিনিয়াৰৰ মুঠ ১৩২৪ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ এছএছচিয়ে চিভিল, মেকানিকেল আৰু ইলেক্টিকেল ইঞ্জিনিয়াৰৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৯ আগষ্টৰ ভিতৰত ৱেবছাইটৰ জৰিয়তে www.ssc.nic.in আবেদন কৰিব পাৰিব৷
খালী পদৰ সবিশেষ : বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি ১৩২৪ পদত প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব৷ ইয়াৰে ৬১৩টা পদ অসংৰক্ষিত, ১২১টা পদ ইডব্লিউএছৰ, ২৮৮টা পদ অ’বিচি, ৯৬টা পদ অনুসূচিত জনজাতিৰ আৰু ২০৬টা পদ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত৷

SSC Junior Engineer Information - INFO4EEE
বেতন নিৰিখ : নিযুক্তি লাভ কৰা প্ৰাৰ্থীক মাহে ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকালৈকে বেতন প্ৰদান কৰা হ’ব৷
বয়সৰ সীমা : প্ৰাৰ্থীৰ বয়স ২০-৩২ বছৰৰ ভিতৰত হ’ব লাগিব৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই লাভ কৰিব৷
আবেদন মাচুল : প্ৰাৰ্থীয়ে ১০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব৷ মহিলা প্ৰাৰ্থী, অনুসূচিত জাতি, জনজাতি, পিডব্লিউডি আৰু প্ৰাক্তন সৈনিকে আবেদন মাচুল জমা দিব নালাগে৷
নিৰ্বাচন প্ৰক্ৰিয়া : প্ৰাৰ্থীৰ প্ৰথমে কম্পিউটাৰ আধাৰিত লিখিত পৰীক্ষা লোৱা হ’ব৷ ইয়াৰ পাছত ফিজিকেল টেষ্ট আৰু নথিপত্ৰ পৰীক্ষাৰ জৰিয়তে মেধাৰ ভিত্তিত প্ৰাৰ্থীক এছএছচিয়ে নিযুক্তিৰ বাবে নিৰ্বাচন কৰিব৷

Notification) SSC Junior Engineer (Civil, Electrical, Mechanical & Quantity  Surveying & Contracts) Examination, 2019 | Dhyeya IAS® - Best UPSC IAS CSE  Online Coaching | Best UPSC Coaching | Top IAS Coaching
কেনেকৈ আবেদন কৰিব : প্ৰাৰ্থীয়ে প্ৰথমে এছএছচিৰ ৱেবছাইট ভিজিট কৰক৷ এতিয়া ৰেজিষ্ট্ৰাৰ লিংকত ক্লিক কৰক৷ ইয়াৰ পাছত প্ৰয়োজনীয় তথ্যপাতি জাম দিয়ক৷ অনলাইনত উপলব্ধ আবেদনপত্ৰ পূৰণ কৰাৰ লগতে প্ৰযোজ্য হ’লে আবেদন মাচুল অনলাইনযোগে জমা দিয়ক৷ ইয়াৰ পাছত আবেদনপত্ৰ জমা দি এটা কপি প্ৰিণ্ট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখক৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0