বায়’টেক নীতি ✒️ প্ৰফুল্ল কুমাৰ শইকীয়া

Must Read
spot_img
- Advertisement -

ৰাজ্য চৰকাৰে  ১ জানুৱাৰী ২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন বায়’টেক নীতি ঘোষণা কৰিছে৷ এই বায়’টেক নীতিত উল্লেখ থকা সাহায্যসমূহ হ’ল—

(১) বায়’ টেকন’লজী আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ষ্টাম্প ডিউটি, পঞ্জীয়ন মাচুল, ভূমি শ্ৰেণী নিৰ্দ্ধাৰণৰ মাচুল, জি এছ টি আদি নিৰ্দ্ধাৰিত কৰ্তৃপক্ষক ঘূৰাই দিয়া হ’ব৷

(২) বায়’টেক উদ্যোগসমূহক প্ৰতি ইউনিট বৈদ্যুতিক খৰছ ২ টকাকৈ ৫ বছৰৰ বাবে ঘূৰাই দিয়া হ’ব৷

M.Sc. (Ag.) in Molecular Biology and Biotechnology – Tamil Nadu Agricultural University

(৩) ১০০ শতাংশ বৈদ্যুতিক কৰ ৫ বছৰৰ বাবে ঘূৰাই দিয়া হ’ব৷

(৪) (ক) সমতল বায়’ টেকন’লজী উদ্যানত স্থাপন হোৱা উদ্যোগসমূহে ৩০ শতাংশ সৰ্বোচ্চ ৩০ কোটি টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব৷

(খ) উলম্ব বায়’ টেলকন’লজী উদ্যানত স্থাপন কৰা উদ্যোগসমূহে প্ৰতি বৰ্গ ফুটত ৪০০ টকাকৈ সৰ্বোচ্চ ৩০ কোটি টকা ৰাজ সাহায্য লাভ কৰিব৷

Biotechnology | FAO | Food and Agriculture Organization of the United Nations

 

(৫) বায়’ টেকন’লজী উদ্যান স্থাপনৰ বাবে ভূমি ক্ৰয় কৰাৰ বিপৰীতে মুঠ খৰছৰ ৩০ শতাংশ সৰ্বোচ্চ ৫ কোটি টকা পৰ্যন্ত সাহায্য আগবঢ়াবলৈ স্থিৰ কৰা হৈছে৷ অৱশ্যে এই সাহায্য উদ্যানখন স্থাপন কৰাৰ পাছতহে দিয়া হ’ব আৰু এই উদ্যানখনত অতিকমেও ৫ টা উদ্যোগ স্থাপন কৰিব লাগিব৷

এইবোৰৰ বাহিৰেও বায়’ টেকন’লজী বিষয়ত উদ্ভাৱন, গৱেষণা, শিক্ষা আদি বিষয়টো বিভিন্ন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0