spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

তথ্য প্ৰযুক্তি নীতি ✒️প্ৰফুল্ল কুমাৰ শইকীয়া

Must Read
spot_img
- Advertisement -

Most challenging time for IT industry till date due to coronavirus: Mahalingam | Deccan Herald

ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি নীতি ১ জানুৱাৰী ২০১৮ৰ পৰা ৫ বছৰৰ বাবে কাৰ্যকৰী হৈ আছে৷ এই নীতি যোগেদি আগবঢ়োৱা বিভিন্ন সা-সুবিধাৰ বাবে দিছপুৰ সচিবালয়ৰ ভিতৰতে থকা তথ্য প্ৰযুক্তি সঞ্চালকালয়ৰ লগত যোগাযোগ কৰিব পাৰে আৰু তথ্য প্ৰযুক্তি নীতি বিভাগীয় ৱেবচাইটৰ পৰা ডাউনলোডো কৰিব পাৰে৷ তথ্য প্ৰযুক্তি নীতিৰ যোগেদি আগবঢ়াবলৈ খোজা বিভিন্ন সাহায্যসমূহ হ’ল—

(১) তথ্য প্ৰযুক্তি উদ্যানত স্থাপন কৰিবলৈ বিচৰা আই টি/আই টি ই এছয়ই এছ ডি এম গোট সমূহলৈ ২৫ শতাংশ ৰেহাই মূল্যত ভূমি আৱণ্টন দিবলৈ বিচৰা হৈছে৷ তথ্য প্ৰযুক্তি উদ্যানৰ বাহিৰত স্থাপন কৰা এনে উদ্যোগৰ বাবে চৰকাৰে নিৰ্দ্ধাৰণ কৰা ভূমিৰ মূল্য ৫০ শতাংশ ঘূৰাই দিয়া হ’ব৷ উল্লেখ থাকে যে তথ্য প্ৰযুক্তি উদ্যানত সৰ্বোচ্চ ২৫ একৰ ভূমি আৱণ্টন দিয়া হ’ব আৰু প্ৰতি একৰ ভূমিৰ বিপৰীতে হ’ব লগা বিনিয়োগৰ পৰিমাণ হ’ব লাগিব ৪ কোটি টকা৷ ১০০ কোটি টকাতকৈ অধিক বিনিয়োগ হ’লে পাব লগা সাহায্য প্ৰস্তাৱ অনুসৰি বেলেগ বেলেগ হ’ব৷

(২) আই টি ই এছ উদ্যোগ স্থাপন কৰিলে মূলধনী সাহায্য প্ৰাপ্য খৰছৰ বিপৰীতে প্ৰতিখন আসনৰ বিপৰীতে ১,২০,০০০ টকাকৈ সৰ্বোচ্চ ৩০ কোটি টকা৷

(৩) চলি থকা বি পি অ’ সমূহ যিবোৰ এন ই বি পি এছৰ অধীনত চলি আছে তেনেবোৰ বি পি অ’লৈ অতিৰিক্ত ৩০ শতাংশ মূলধনী সাহায্য আগবঢ়োৱা হ’ব৷

(৪) নতুন তথ্য প্ৰযুক্তি গোটৰ বাবে প্ৰতিজন নিয়োজিত লোকৰ বাবে ১,৫০,০০০ টকাকৈ সৰ্বোচ্চ ৩০ কোটি টকা পৰ্যন্ত সাহায্য আগবঢ়োৱা হ’ব৷

(৫) গৱেষণা আৰু নতুন প্ৰযুক্তি সন্ধান কৰা তথ্য প্ৰযুক্তি খণ্ডৰ উদ্যোগলৈ প্ৰতিজন নিয়োজিত লোকৰ বিপৰীতে ২,৫০,০০০ টকাকৈ সৰ্বোচ্চ ২০ কোটি টকা পৰ্যন্ত সাহায্য আগবঢ়োৱা হ’ব৷

Information Technology | Pace University New York

উল্লেখ কৰা পৰিমাণৰ সাহায্য পাবলৈ হ’লে-

(ক) আই টি এছ গোটটিত অতিকমেও ১০০ আসন থাকিব লাগিব৷

(খ) নতুন তথ্য প্ৰযুক্তি গোটটিত অতিকমেও ১০০ লোকক নিযুক্তি দিব লাগিব৷

(গ) চলি থকা বি পি অ’ বোৰত অতিকমেও ১.৫ গুণ নিয়োজিত লোক বুদ্ধি পাব লাগিব৷

(ঘ) গৱেষণা আৰু উন্নয়নত নিয়োজিত তথ্য প্ৰযুক্তি গোটত অতিকমেও ৫০ জন লোকৰ নিযুক্তি হ’ব লাগিব৷

(৭) বৈদ্যুতিক সাহায্যৰ পৰিমাণ হ’ল এনেধৰণৰ :

(ক) আই টি/আই টি ই এছ গোটৰ বাবে প্ৰতিটো ইউনিত ৩ টকাকৈ ৫ বছৰৰ বাবে সৰ্বোচ্চ ১০ লাখ টকা প্ৰতি বছৰত৷

(খ) ই এছ ডি এম গোটৰ বাবে প্ৰতিটো ইউনিত ৬ টকাকৈ বাবে সৰ্বোচ্চ ২০ লাখ টকা প্ৰতি বছৰত৷

What is Information Technology? Know About the IT World | Emeritus India

(গ) গৱেষণা আৰু উদ্ভাৱন গোটৰ বাবে ৫০ শতাংশ সৰ্বোচ্চ ৬ লাখ টকা প্ৰতি বছৰত, ৫ বছৰৰ বাবে৷

(৮) ভাড়া ঘৰত স্থাপন কৰা আই টি/আই টি ই এছ গোটবোৰৰ বাবে প্ৰতিজন নিয়োজিত কৰ্মচাৰীৰ বিপৰীতে ১০,০০০ টকাকৈ সৰ্বোচ্চ প্ৰতিটো গোটৰ বিপৰীতে ১০ টকা ৩ বছৰৰ বাবে সাহায্য প্ৰদান কৰা হ’ব৷ অৱশ্যে এই সাহায্য লাভ কৰিবলৈ গোটটিত ৫০ জন লোকক নিয়োজিত কৰিব লাগিব৷

(৯) পেটেণ্ট লাভ কৰিবলৈ হোৱা খৰছৰো ৫০ শতাংশ ৰেহাইৰ সুবিধা ৰখা হৈছে৷

উপযুক্তসমূহ সাহায্যৰ বাহিৰেও দিব্যাংগসকলৰ বাবে উদ্গনিমূলক সাহায্য, ই-ৱেষ্ট মেনেজমেণ্ট আৰু এনিম্যচন খণ্ডৰ বাবে বিশেষ সাহায্য আগবঢ়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0