হস্ততাঁত বস্ত্ৰশিল্প নীতি ✒️ প্ৰফুল্ল কুমাৰ শইকীয়া

Must Read
spot_img
- Advertisement -

ৰাজ্য চৰকাৰে ১ জানুৱাৰী ২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন হস্ততাঁত বস্ত্ৰ নীতি ঘোষণা কৰিছে৷ এই নীতিৰ যোগেদি দিব খোজা উদ্গণিমূলক সাহায্যসমূহ হ’ল—

(১) চৰকাৰী ৰেছম বেংকৰ পৰা ক্ৰয় কৰা ৰেছম “ক’কন”ত ১০ শতাংশ ৰাজসাহায্য সৰ্বোচ্চ ২৫ লাখ টকা পৰ্যন্ত দিয়া হ’ব৷

(২) চৰকাৰী ৰেছম বেংকৰ পৰা “ক’কন” ক্ৰয় কৰিবলৈ ৫ লাখ টকা পৰ্যন্ত ঋণৰ ব্যৱস্থা কৰা হ’ব৷

COVID-19 & floods dealing big blow to Assam's handloom weavers

(৩) হস্ততাঁত শিল্পত উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ বাবে হোৱা ব্যয়ৰ ৫০ শতাংশ ধন সাহায্য হিচাবে দিয়া হ’ব৷

(৪) এবছৰত মাত্ৰ এবাৰৰ বাবে ১০ শতাংশ সৰ্বোচ্চ ৫ লাখ টকা পৰ্যন্ত কাৰ্যকৰী মূলধন আগবঢ়োৱা হ’ব৷ ৰপ্তানিকৃত গোটসমূহৰ বাবে অতিৰিক্ত ১০ শতাংশ কাৰ্যকৰী মূলধন আগবঢ়োৱা হ’ব৷

Artfed on handloom gamosa -buying spree - Telegraph India

এইবোৰৰ বাহিৰেও হস্ততাঁত বস্ত্ৰ নীতিৰ জড়িয়তে নিপুন বোৱনী সৃষ্টি কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰশিক্ষণ অনুষ্ঠানসমূহকো উন্নত কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ ৰাখিছে৷ নতুন উৎপাদিত সামগ্ৰীৰ আৰ্হিৰ বাবে গৱেষণা, আৰ্হি নিৰ্মাণ, তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ বাবেও ব্যৱস্থা হাতত ল’বলৈ প্ৰস্তাৱ ৰাখিছে৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0