spot_img
  আজি জনমভূমি বাতৰি কাকতত প্ৰকাশ পোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ নিবনুৱা সন্থা লখিমপুৰৰ জিলা...
আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশ পোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ নিবনুৱা সন্থা লখিমপুৰৰ জিলা...
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
Tuesday, October 14, 2025

অসমে আৰ্থিক বৃদ্ধিৰ হাৰত ৰেকৰ্ড কৰিছে নেকি ! -দিলীপ কুমাৰ শৰ্মা

Must Read
spot_img
- Advertisement -

অসমে আৰ্থিক বৃদ্ধিৰ হাৰত ৰেকৰ্ড কৰিছে নেকি ! নহলে নোহোৱা- নোপোজা তথ্যৰে অসমবাসীক বিত্তমন্ত্ৰীয়ে কিয় বিভ্ৰান্ত কৰিছে ! যদি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা তথ্য সচা হয় তেন্তে অসম চৰকাৰে দাবী নকৰে কিয় যে স্বাধীনোত্তৰ দেশৰ অৰ্থনীতিত অসমৰ অৰ্থনীতিৰ বিকাশ সৰ্বাধিক বুলি ! পাৰিবনে এই দাবী কৰিব মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে ? যদি নোৱাৰে বাজেটত উল্লেখিত তথ্য মিছা বুলি আমি দৃঢ়ভাৱে কম ৷

অসম চৰকাৰে কালি অসম বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ গৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ( GSDP) ৫.৫০ লাখ কোটি অতিক্ৰম কৰিব ৷ বিত্তমন্ত্ৰীয়ে এই কথাও কলে যে ২০২১-২২ বৰ্ষত অসমৰ GSDP ৰ পৰিমাণ আছিল ৩.৯৩ লাখ কোটি ৷ বাজেটত কিন্তু ২০২২-২৩ বৰ্ষত হোৱা আৰ্থিক বিকাশৰ হাৰ উল্লেখ নকৰিলে ৷ গতিকে এতিয়া যদি আমি বিত্তমন্ত্ৰীৰ তথ্য অনুসৰি চাও তেন্তে দেখিম যে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈকে অসমৰ আৰ্থিক বিকাশৰ হাৰ বছৰি ৪০ শতাংশ ৷ কিন্তু এয়া জানো সম্ভৱ ৷ যিখন চৰকাৰে ঋণ নোহোৱাকৈ কাম এটা কৰিব পৰা নাই অথবা সাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতা বঢ়া নাই সেইখন ৰাজ্যৰ আৰ্থিক বিকাশ ৪০ শতাংশ হব পাৰে বুলি কোনেনো বিশ্বাস কৰিব ৷ যত দেশৰ আৰ্থিক বিকাশৰ হাৰ ২০২১-২২ বৰ্ষত ৯.১ শতাংশ আৰু ২০২২-২৩ বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ মাহৰ ত্ৰৈমাসিক বৃদ্ধিৰ হাৰ আছিল মাত্ৰ ৪.৪ শতাংশ ৷ দেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালত দেশৰ কোনো ৰাজ্যৰে এইধৰণৰ আৰ্থিক বিকাশ হোৱা নাই ৷

তাৰোপৰি ২০১৬ চনত বিত্তমন্ত্ৰী হৈ থাকোতে এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত সদম্ভে ঘোষণা কৰিছিল যে এতিয়াৰ পৰা বাজেট দাখিলৰ পূৰ্বে চলিত বছৰৰ বাজেট ৰূপায়ণ সম্পৰ্কে এখন শ্বেতপত্ৰ দাখিল কৰা হব ৷ এইবাৰো তেনেকুৱা কোনো শ্বেতপত্ৰ দাখিল নকৰিলে ৷ আনহাতে বাজেট দাখিলৰ আগদিনা দিবলগীয়া অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনো দাখিল কৰা ন’হল ৷

গতিকে সকলো কথাই মাত্ৰ চমক সৃষ্টিৰ বাবে কোৱাটো কিমান সমীচীন এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰীয়ে ভাৱক !

(দিলীপ কুমাৰ শৰ্মা)

MyGov Assam Ajanta Neog #AssamBudget #assam #assamesenews

12 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ নিবনুৱা সন্থাৰ ।

  আজি জনমভূমি বাতৰি কাকতত প্ৰকাশ পোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ...

More Articles Like This

- Advertisement -spot_img
0