spot_img
  আজি জনমভূমি বাতৰি কাকতত প্ৰকাশ পোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ নিবনুৱা সন্থা লখিমপুৰৰ জিলা...
আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশ পোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ নিবনুৱা সন্থা লখিমপুৰৰ জিলা...
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
Tuesday, October 14, 2025

গাখীৰ, পিঠাগুৰি, কেঁচা হালধি, নিম পাতেৰে চাবোন প্ৰস্তুত, জৈৱিক চাবোনেৰে শিৱসাগৰৰ চুমী বৰা শইকীয়াৰ বৃহৎ প্ৰত্যাহ্বান

Must Read
spot_img
- Advertisement -
♦ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিভিন্ন ধৰণৰ চাবোন বজাৰ ভৰি থকাৰ সময়ত অসমতে তৈয়াৰী জৈৱিক চাবোন গ্ৰাহকে আদৰি ল’ব জানো? তেনে প্ৰশ্ন মনলৈ এবাৰো ননাকৈ ঘৰতেই কেৱল জৈৱিক চাবোন তৈয়াৰ কৰা শিৱসাগৰৰ কালুগাঁৱৰ চুমী বৰা শইকীয়া চাবোনৰ ব্যৱসায়ৰে সফল হৈছে৷ সাধাৰণতে মানুহৰ মনত প্ৰশ্ন হয় নিজাকৈ কিবা ব্যৱসায় কৰিলে বা উৎপাদন কৰিলে বহুৰাষ্ট্ৰীয় কোম্পানীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম জানো? কিন্তু চুমী বৰা শইকীয়াই আত্মবিশ্বাসেৰে বহুৰাষ্ট্ৰীয় কোম্পানীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছিল৷ ইচ্ছাশক্তি আৰু অতি কৌশলৰে ব্যৱসায় আগবঢ়াই নিয়া চুমীয়ে এতিয়া মাহে ৩,০০০ জৈৱিক চাবোন বিক্ৰী কৰে৷ মাত্ৰ ৮০০ টকাৰে চাবোন বনোৱা আৰম্ভ কৰা উদ্যমী মহিলাগৰাকীয়ে মাহে গড়ে এক লাখ টকাৰ জৈৱিক চাবোন বিক্ৰী কৰে৷ আগন্তুক সময়ত মাহে গড়ে চাৰি-পাঁচ হাজাৰ চাবোন বিক্ৰী কৰাৰ লক্ষ্য ধাৰ্য কৰা চুমীয়ে ঘৰতেই বনোৱা নিমকী, চানাৰ খুৰ্মা, নাৰিকলৰ লাড়ু আদি বিক্ৰী কৰে৷ কম সময়ৰ ভিতৰতে এনেদৰে তেওঁ আগবঢ়াৰ দিশত স্বামী নৱজ্যোতি শইকীয়াৰ পৰিয়াল আৰু গাঁৱৰ সকলো ব্যক্তিয়ে প্ৰেৰণা দিয়া বুলি জানিবলৈ দিছে৷
May be an image of 1 person, magazine, newspaper, poster and text
উল্লেখ্য যে শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা চুমী কৰা শইকীয়াই তেওঁৰ ঘৰতেই কেইবাবিধো জৈৱিক চাবোন তৈয়াৰ কৰে৷ ইয়াৰ ভিতৰত নিম পাতৰ চাবোন, কেঁচা হালধিৰ চাবোন, গাখীৰ আৰু পিঠাগুৰিৰ চাবোন, জবাব ফুল জেতুকা, নিমপাত, মণিচালৰ গুটি, আমলখি, নৰসিংহ, মিথি গুটি মিহলি চাবোন, তিয়ঁহৰ চাবোন, আলুৰ চাবোন, নেমুৰ চাবোন, বেচনৰ চাবোন, গাখীৰ আৰু গোলাপ ফুলৰ চাবোন, কফি আৰু গাখীৰৰ চাবোন, বেচন আৰু হালধীৰ চাবোন, বিলাহী আৰু চেনিৰ চাবোন, কমলাৰ চাবোন, পকা অমিতা আৰু গাখীৰৰ চাবোন, চাউল দাইলৰ চাবোন আদি প্ৰস্তুত কৰে৷ প্ৰতি টুকুৰা জৈৱিক চাবোনৰ দাম ৩৫ ৰপৰা ৩৯ টকা ধাৰ্য কৰা হৈছে৷ চুমীয়ে কয় যে উজনি অসমৰ বিভিন্ন অঞ্চলৰ লগতে পঞ্জাব, ৰাজস্থান আৰু ত্ৰিপুৰাটো এই জৈৱিক চাবোন বিক্ৰী কৰা হয়৷ তেওঁ কয় যে মৰম নামৰ আমাৰ প্ৰতিষ্ঠানটোৰ লগত ১৫০ গৰাকী লোক জড়িত হৈ আছে৷ সেইসকলে চাবোন ক্ৰয় কৰি অনলাইন আৰু খুচুৰা বিক্ৰী কৰে৷ নিজেও অনলাইনত চাবোন বিক্ৰী কৰাত মাহে কিছু লাভ হয়৷
May be an image of spice and text
চুমীয়ে আৰু কয় যে তেওঁ প্ৰথমে ৮০০ টকাৰে প্ৰয়োজনীয় সামগ্ৰী কিনি গাখীৰ আৰু চাউলৰ গুড়িৰে চাবোন তৈয়াৰ কৰিছিলো৷ এনেদৰে চাবোন তৈয়াৰ কৰাত পৰিয়ালৰ এজনে অনলাইনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিলে৷ সেয়া ২০২১ চনৰ শেষৰ কথা৷ ২০২২ চনৰ জানুৱাৰীত বিক্ৰী কৰিবলৈ ২০ টুকুৰা জৈৱিক চাবোন প্ৰস্তুত কৰা হৈছিল৷ লগে লগে সকলো চাবোন বিক্ৰী হোৱাত চাৰিগৰাকী কৰ্মচাৰীৰ সহায়ত অধিক চাবোন প্ৰস্তুত কৰা আৰম্ভ কৰিলোঁ৷
May be an image of bar of soap and text that says "গাখীব আকু পিঠা গুবি rice BATHING HOMEMADE 100% S For E millk milk Pure S Original& 'ap Body milk + rice HOMEMADE BATHING Soap 100%& Original Pure Face &Body w"
সাধাৰণ গ্ৰাহকে জৈৱিক চাবোনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত ক্ৰমে বিক্ৰী বাঢ়িবলৈ লৈছে৷ তেওঁ কয় যে জৈৱিক চাবোনে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে ছাল সতেজ কৰে৷ এই কথা সকলোৱে উপলব্ধি কৰাত ব্যৱসায়ৰ পৰিসৰ বাঢ়িছে৷ তেওঁ আৰু কয় যে শিৱসাগৰ, ডিব্ৰুগড় আদি গাঁও, কলেজৰ ছাত্ৰীয়ে ‘মৰম’ প্ৰতিষ্ঠানৰ জৈৱিক চাবোন বিচাৰে৷ গ্ৰাহকৰ সুবিধা মতে, বিভিন্ন দোকানত চাবোন যোগান ধৰা হয়৷ লক্ষণীয় যে চুমী বৰা শইকীয়া পেছাত এগৰাকী শিক্ষয়িত্ৰী আৰু বিদ্যালয় প্ৰতিষ্ঠাপক আছিল৷ ২০১৬ চনৰপৰা ২০১৮ চনলৈ শিৱসাগৰৰ কালুগাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰিছিল৷ অঞ্চলটোত সফল শিক্ষক হিচাপে পৰিচিত হোৱাত ২০২০ চনত নিজেই এখন বিদ্যালয় স্থাপন কৰিছিল৷ কিন্তু লক্‌ডাউনৰ সময়ত মাহৰ পাছত মাহ বিদ্যালয় গৃহৰ ভাৰা দি চুমী আৰ্থিক সংকটত পৰিছিল৷ সেয়ে বিদ্যালয় বন্ধ কৰি দিছিল৷ শিক্ষকতা কৰি ব্যস্ত হৈ থকা চুমীয়ে অন্যধৰণে প্ৰতিষ্ঠিত হোৱাৰ সংকল্প গ্ৰহণ কৰি জৈৱিক চাবোন প্ৰস্তুত কৰা কাম আৰম্ভ কৰিলে৷
জিতেন্দ্ৰ কুমাৰ চৌধুৰী
ফোন ঃ ৯৮৬৪০ ৩৭৪১৬
10 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ নিবনুৱা সন্থাৰ ।

  আজি জনমভূমি বাতৰি কাকতত প্ৰকাশ পোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা চি বি আই তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীলৈ...

More Articles Like This

- Advertisement -spot_img
0