- Advertisement -
এনে অনেকটা উদাহৰণ আছে যত অধিকাংশ লোকে নীৰৱতা অৱলম্বন কৰি আহিছে ।
অসমৰ অধিকাংশ, বিদ্যালয় , কলেজ বন্ধ কৰা হল অধিকাংশ ৰাইজে নীৰৱে সহ্য কৰি আহিছে !
APSC ৰ পৰা অসমীয়া বিষয়তোকে এলাগী কৰা হল , নীৰৱে সহ্য কৰিছে !
জাগীৰোড,কাছাৰ কল বন্ধ হল ,অধিকাংশ নীৰৱ !
১২ খন যাত্ৰীবাহী ট্ৰেইন বন্ধ কৰি দিয়া হল , অধিকাংশ নীৰৱ !
চাহ ,কয়লা ,তেল সকলো কৌশলৰে বহিৰাজ্যলৈ হস্তগত কৰি অসমক নিশকটীয়া কৰা হল , অধিকাংশ নীৰৱ !
অলিয়ে গলিয়ে মদৰ দোকান খুলি যুৱপ্ৰজন্মৰ ভৱিষ্যত হতাশ কৰিছে চৰকাৰে অধিকাংশ নীৰৱ!
অসমচুক্তি , ছয় জনগোষ্ঠী জনজাতিকৰণ , CAA , NRC এই বিষয়বোৰ গৌণ হল চৰকাৰী পক্ষৰ বাবে ,অধিকাংশ নীৰৱ !
বৰ্তমান জনমুৰি আয় মাত্ৰ ৯ হাজাৰ টকালৈ অধনমিত হল , অধিকাংশ নীৰৱ !
ধাৰত অসমৰ ৰাইজে ককবকাইছে ,অধিকাংশ নীৰৱ !
দৈনিক মুখ্যমন্ত্ৰীয়ে বিভেদ , ধৰ্মীয় উত্তেজনামূলক বাতাবৰণ সৃষ্টি কৰি মানুহক মনস্তাষ্টিকভাবে অসহনশীল কৰি তুলিছে ,অধিকাংশ নীৰৱ !
অসমৰ অধিকাংশ সা,সম্পত্তি ,কোম্পানীৰ মালিক হৈছে মুখ্যমন্ত্ৰী পৰিয়াল ,অধিকাংশ নীৰৱ ! যেনে Kanchanjuri .
মানুহৰ মাজত ভয় -ভিতি প্ৰদৰ্শন কৰি বাকৰুদ্ধ এক পৰিবেশ বিৰাজমান ,অধিকাংশ নীৰৱ!
এফালৰ পৰা অসমৰ ৰাজহুৱা সম্পদক নিশকটীয়া কৰিছে ,অধিকাংশ নীৰৱ !
এনে অনেক বিষয় আছে । আমি বিৰোধী হিচাপে মাত দিয়াতো আমাৰ দায়িত্ব ! কিন্তু ৰাইজে যদি বুজিও নুবুজে ,কেনেকোৱা এখন অসম আপোনাৰ মোৰ ভৱিষ্যত প্ৰজন্মক দি যাব ?
চৰকাৰৰ ভাল কামক শলাগ লওক আৰু বেয়া হঠকাৰী সিদ্ধান্তৰ বিৰোধীতা কৰক !
#জোনমনিৰাভাৰ লগত চৰকাৰে অন্যায় কৰা নাইনে ?
#মনিপুৰ কাণ্ডত মোডী চৰকাৰৰ নীৰৱতা নিন্দনীয় নহয়নে ?
#আদানিক ২০হাজাৰ কোটি টকা কিয় দিয়া হল একপক্ষীয়ভাবে , ই গুৰুত্বপূৰ্ণ বিষয় নহয়নে ?
ৰেল ,এয়াৰপৰ্ট , ৰাষ্ট্ৰীয় ঘাইপথ , বেংক সকলো কিয় ব্যক্তিগত কৰা হল ?
#চন্দ্ৰযান পঠাইছে , কিন্তু ১৭ মাহে বিজ্ঞানীক দৰমহা দিব পৰা নাই , নিন্দনীয় নহয়নে ?
#ৰন্ধন গেছৰ দাম ৪৫০ গৈ ১২০০ টকা হল ?
#পেট্ৰল ,ডিজেলৰ দাম ১০০ টকা অতিক্ৰম কৰিলে , চৰকাৰ নীৰৱ কিয় ?
ৰাইজ সজাগ হওক অন্যথা দুৰ্ভীক্ষ অনিবাৰ্য !
#কভিডৰ সময়ত থাল বাতি বজালে ঠিক আছে বাৰু ,এনেকৈয়ে নীৰৱ হৈ থাকিলে সচাকৈয়ে এদিন খাবলৈ নাপায় থাল বাতি বজাব লাগিব !
Raise your voice. Beautiful picture of @Kanchanjuri.