spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

Flyover নে tunnels over, উৰণীয়া সেতু নে নদীবান্ধ? -দীপাংকৰ শৰ্মা

Must Read
spot_img
- Advertisement -

Flyover নে tunnels over, উৰণীয়া সেতু নে নদীবান্ধ বিভিন্ন জনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিছোঁ এতিয়া। ময়ো লিখিছিলোঁ আগতে। মূলপথটোৰ অস্তিত্ব নোহোৱা কৰি, প্ৰাকৃতিক পাহাৰ বোৰ উঠাই আনি চহৰৰ মাজ ভাগত স্হাপন কৰি পাৰাপাৰ হবলৈ সুৰংগসদৃশ অলপ কেৱল ঠাই এৰি নিৰ্বিঘ্নে দূৰণিবটীয়া যানবাহনবোৰ পাৰ হৈ যাবলৈ যি আৰ্হিত গুৱাহাটী বাইপাছ অৰ্থাৎ বেলতলা, লখৰা, গড়চুক আদিৰ ফালে FLYOVER বনোৱা হব ধৰিছে তালৈ মন কৰিছে নে বিশিষ্ট ব্যক্তি সকলে? ছবিখন বেলতলা চাৰিআলীৰ। মন কৰক। মালিগাঁৱৰ লগতে জু ৰোডত সজাই থকা সেতুৰ আৰ্হিত সজোৱা হলে উৰিযোৱা সেতুৰ তলৰ ভাগ বিভিন্ন কাম যেনে পাৰ্কিং, উদ্যান, জিৰণি চৰা আদিত ব্যৱহাৰ কৰা যায়। আন একো নহলেও মানুহ পাৰাপাৰ হবলৈ সুবিধা পাব । দুয়োফালৰ দোকান পোহাৰৰ ব্যৱসায়ৰো অমানিশা নাহিব।

May be an image of generator

দিনতে সপোন দেখোঁ বাবেই মনোকষ্ট পাইছোঁ। খৰছ যদি কিছু বেছি হয় নালাগে আটাইবোৰ বনাব। যিবোৰ কৰে ভালকৈ কৰক। খৰখেদা কিহৰ? কাললৈ কুখ্যাতি নেৰাখি সময় আছে চিন্তা কৰক। ৰাজ্যৰ ৰাজধানী চহৰৰ বিশিষ্ট বিশিষ্ট লোকৰ লগতে দল সংগঠন, সংবাদ মাধ্যমৰ কাৰো একো কবলগীয়া যদি নায়েই তেন্তে বাদ দিয়াহে মাৰি ময়ো নেদেখো, নাচাওঁ, নুশুনো। আ:! কি শান্তি! ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনালোঁ তথাপিও।

May be an image of speaker, umbrella, street and telephone pole

বোধোদয় হলে ভাল আছিল বুলি। সাংসদ বিধায়ক সকলোকে বম্বে লৈ লৈ গৈ কিদৰে উন্নত ৰাজ্যৰ নিৰ্মাণ কৰিব পৰা যায় তাৰ সুন্দৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল বিজেপি চৰকাৰে। থাকিলোঁ আশাপালি দিম বুলি হাততালি। পিছে মৰিব ধৰিছোঁ টেটুফালি। ঠিক এনেদৰেই কতো নৰখোৱা বন্দে ভাৰতৰ বাবেই নলবাৰী, টিহু, পাঠশালা সকলোতে ৰৈ যোৱা পেছেঞ্জাৰ ট্ৰেইন, ইণ্টাৰচিটি আদি বাতিল কৰি মোডী চৰকাৰে স্হানীয় ৰাইজৰ সৰ্বনাশ মাতি আনিছে। নীতিৰ প্ৰশ্ন। এচাম ব্যৱসায়ীক গোষ্ঠীৰ স্বাৰ্থত ৰে’ল পৰিবহন, পথ পৰিবহন সকলো ক্ষেত্ৰতে নীতি নিৰ্ধাৰণ কৰা হব ধৰিছে যিটো আশাকৰা নাছিলোঁ। এৰিলোঁ ৰাইজলৈ। জনমত হলে ভাল আছিল। কাৰণ বেলেগ ৰাজ্যত দ্বিতীয় এখন ঘৰ মোৰ নাই। সমাপ্ত।

17 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0