spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত...
। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি...
Thursday, March 5, 2026

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১৭১৪ পদ, দিল্লী আৰক্ষীত ১৬২ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

Must Read
spot_img
- Advertisement -

♦ চৰকাৰী চাকৰিৰ সন্ধানত যুৱ প্ৰজন্মৰ বাবে ভাল খবৰ৷ ষ্টাফ ছিলেকচন কমিছন (এছএছচি)-এ ছাব ইন্সপেক্টৰৰ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এছএছচিয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১৭১৪ পদত আৰু দিল্লী আৰক্ষীত ১৬২ পদত প্ৰাৰ্থীক নিযুক্তি দিব৷ ইচ্ছুক প্ৰাৰ্থীয়ে অহা ১৫ আগষ্টৰ ভিতৰত www.ssc.nic.in ৱেবছাইট ভিজিট কৰি পদৰ বাবে আবেদন কৰিব পাৰিব৷

SSC Logo

বেতন নিৰিখ : নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক মাহে ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকালৈকে বেতন প্ৰদান কৰা হ’ব৷
বয়সৰ সীমা : ছাব ইন্সপেক্টৰ পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স কমেও ২০ বছৰ আৰু সৰ্বাধিক ২৫ বছৰ হ’ব লাগিব৷
অনুসূচিত জাতি, জনজাতিৰ প্ৰাৰ্থীৰ বাবে পাঁচ বছৰৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে তিনি বছৰৰ বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই দিয়া হ’ব৷

আবেদন মাচুল : আবেদনকাৰীয়ে ১০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব৷ মহিলা প্ৰাৰ্থী, অনুসূচিত জাতি, জনজাতি, পিডব্লিউডি আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে আবেদন মাচুল আদায় দিব নালাগে৷
শৈক্ষিক অৰ্হতা : আবেদনকাৰী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব৷
নিৰ্বাচন প্ৰক্ৰিয়া : নিযুক্তিৰ বাবে প্ৰথম প্ৰাৰ্থীৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ এই পৰীক্ষা অনলাইনত কম্পিউটাৰৰ মাধ্যমৰে লোৱা হ’ব৷ ইয়াৰ পাছত প্ৰাৰ্থীয়ে ফিজিকেল টেষ্ট গ্ৰহণ কৰি প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষা কৰি মেধাৰ ভিত্তিত পদত নিযুক্তি দিয়া হ’ব৷

SSC Multi Tasking (Non-Technical) final result out at ssc.nic.in, get link  - Hindustan Times
কেনেকৈ আবদেন কৰিব : প্ৰাৰ্থীয়ে প্ৰথমে www.ssc.nic.in ৱেবছাইট ভিজিট কৰিব লাগিব৷ এতিয়া ৱেবছাইটত থকা ৰেজিষ্ট্ৰাৰ শিতানত ক্লিক কৰক৷ এতিয়া সকলো প্ৰয়োজনীয় তথ্যপাতি জমা দি অনলাইনত আবেদনপত্ৰ পূৰণ কৰক৷ প্ৰাৰ্থীয়ে অনলাইনযোগে আবদন মাচুল আদায় দিব লাগিব৷ ইয়াৰ পাছত আবেদন পত্ৰ অনলাইনত জমা দিয়ক৷ প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ কপি এটা প্ৰিণ্ট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখিব পাৰিব৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী...

More Articles Like This

- Advertisement -spot_img
0