spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত...
। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি...
Thursday, March 5, 2026

বিশ্ববাসীৰ বাবে সু-খবৰ কঢ়িয়াই আনিছে অসমৰ কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে

Must Read
spot_img
- Advertisement -

বিশ্ববাসীৰ বাবে সু-খবৰ কঢ়িয়াই আনিছে অসমৰ কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে।

’ভুগৰ্ভস্থ পানীৰ মাৰাত্মক বিষ’ আৰ্ছেনিক মুক্তকৰণ কেপচুল উদ্ভাৱন হৈছে অসমত৷

ভূগৰ্ভস্থ পানীত আৰ্ছেনিক মুক্তকৰণৰ সহজ পথ উদ্ভাৱনৰে এক ইতিহাস সূচনা কৰিছে এগৰাকী অসম সন্তানে৷

সমগ্ৰ বিশ্বৰ সন্মুখতে এক আহুকাল হিচাপে দেখা দিয়া ভূগৰ্ভস্থ পানীৰ মাৰাত্মক আৰ্ছেনিক পৃথকীকৰণ এক দীঘলীয়া প্ৰক্ৰিয়া হিচাপে চিহ্নিত হৈ আহিছে৷

কলিয়াবৰৰ কলিয়াবৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা চিৰঞ্জীৱ বেজবৰুৱাই নিজ চিন্তা, পৰীক্ষা আৰু একাগ্ৰতাৰে উদ্ভাৱন কৰি উলিয়াইছে এক কেপচুল৷

যি কেপচুলৰ জৰিয়তে অতি সহজেই অধিকতকৈয়ো অধিক আৰ্ছেনিক মিশ্ৰিত ভূগৰ্ভস্থ পানী সোনকালেই সম্পূৰ্ণকৈ আৰ্ছেনিকমুক্ত কৰি তুলিব পাৰি৷

উল্লেখ্য যে, সাধাৰণতে বৰ্তমানলৈকে পানীৰ পৰা আৰ্ছেনিক মুক্তকৰণ এক বিশাল আৰু খৰচি প্ৰক্ৰিয়া হিচাপে বিবেচিত হৈ আহিছে৷

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক গৰাকীয়ে তেওঁৰ নিজা প্ৰচেষ্টাৰে অতি সহজ আৰু কম খৰচৰে তৈয়াৰ কৰিছে এই বিশেষ কেপচুলবিধ৷

ইতিমধ্যেই এই কেপচুল তৈয়াৰ কৌশল ’ইণ্টেলেক্সুৱেল প্ৰপ্ৰাৰ্টি ইণ্ডিয়া’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈ কলিয়াবৰৰ লগতে সমগ্ৰ দেশ তথা বিশ্বৰ বাবেই সু খবৰ কঢ়িয়াই আনিছে৷

কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তাগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে ’ইণ্টেলেক্সুৱেল প্ৰপ্ৰাৰ্টি ইণ্ডিয়া’লৈ ২০২০ৰ জানুৱাৰী মাহতে আৱেদন কৰাৰ পাছত শেহতীয়াকৈ চলিত বৰ্ষৰ ২৭ মাৰ্চ তাৰিখে এক পত্ৰযোগে তেখেতৰ এই আৰ্ছেনিক মুক্তকৰণ কেপচুলৰ ’পেটেণ্ট’ টোৱে স্বীকৃতি লাভ কৰাৰ কথা প্ৰকাশ কৰিছে৷

’পেটেণ্ট অধিনিয়ম ১৯৭০ ৰ ১২ আৰু ১৩ নম্বৰ ধাৰা অনুসৰি এই পেটেণ্ট পৰীক্ষা কৰি ইয়াক ব্যৱহাৰিক অনুমতি প্ৰদানৰ লগতে যোৱা ২৭ মাৰ্চ তাৰিখে ইয়াক ৰেজিষ্টাৰ কৰাৰ কথাটোও প্ৰকাশ কৰিছে ’ইণ্টেলেক্সুৱেল প্ৰপাৰ্টি’ নামৰ ভাৰত চৰকাৰৰ অধীনস্থ সংস্থাটোৱে৷

উল্লেখ্য যে চিৰঞ্জীৱ বেজবৰুৱাই তেজপুৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে এই পেটেণ্ট আবেদন কৰিছিল৷

’ৰিমভেল অৱ আৰ্ছেনিক ফৰ্ম গ্ৰাউণ্ড ৱাটাৰ বাই কেপচুল টেকনিক’ নামেৰে কৰা পেটেণ্ট আবেদনখন উপযুক্ত পেটেণ্ট অনুদানৰ প্ৰকাশক অধিনিয়মৰ ধাৰা ৪৩ ৰ অনুযায়ী পেটেণ্ট জাৰ্ণেলতো প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে৷

‘ইণ্ডিয়ান পেটেণ্ট এডভান্স ছাৰ্ছ ছিষ্টেম’ চমুকৈ ’ইনপাছ’তো ৰিমভেল অৱ আৰ্ছেনিক ফৰ্ম গ্ৰাউণ্ড ৱাটাৰ বাই কেপচুল টেকনিক’ বুলি বিছাৰিলে এই পেটেণ্টৰ বিষয়ে উপলব্ধ হ’ব৷

ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰ আগলৈ আগবঢ়াই দিবলৈ ইতিমধ্যেই সাজু হৈছে এই ’ৰিমভেল অৱ আৰ্ছেনিক ফৰ্ম গ্ৰাউণ্ড ৱাটাৰ বাই কেপচুল টেকনিক’ পেটেণ্টটো৷

ইয়াৰ জৰিয়তে বিশ্ববাসীয়ে পানীৰ আৰ্ছেনিক শুদ্ধিকৰণৰ এক নতুন পথ পালে বুলি প্ৰকাশ কৰিছে বিভিন্নজনে।

ইয়াৰদ্বাৰা বিশ্বৰ কল্যাণ হ’ব৷’ আশা কৰা হৈছে বৰ্তমানে পানীক লৈ ’জল জীৱন মিছন’ৰ দৰে অভিলাসী আঁচনিৰ সময়ত এনে এটি কেপচুলে সকলোকে সকাহ দিব৷

প্ৰদীপ লস্কৰ
কলিয়াবৰ

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী...

More Articles Like This

- Advertisement -spot_img
0