spot_img
সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উদ্যোগত সাম্প্ৰতিক সময়ৰ পৰিবেশ পৰিস্থিতি আৰু থলুৱা নিয়োগৰ সম্পকত লখিমপুৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ কায্যালয়ত দিনৰ ১১ বজাত এখন নাগৰিক সভা অনুস্থিত হয় ।সভাত ভাষন প্ৰদান কৰে সমাজকৰ্মী উদয় শঙ্কৰ হাজৰিকা, অসম উন্নতি সভা লখিমপুৰ জিলাৰ সভাপতি বাবুল চুতীয়া , চুতীয়া জাতি...
আজি আকাংক্ষা ৱেলফা চ'ছাইতিয়ে অনুস্থিত কৰা লখিমপুৰ বিশিষ্ট সাহিত্যিক নৰেন শৰ্মাক বিশেষ ভাবে অভিনন্দন জনোৱা অনুস্থানত উপস্থিত থকা লগতে নিবনুৱা বিশেষ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ দি অহা নৰেন শৰ্মা ছাৰক সম্ভন্ধনা জনোৱা লগতে মুখ্য অতিথী বিশিষ্ট শিল্পি ডাঃ অঞ্জনজ্যোতি চৌধুৰী দেৱকো নিবনুৱা সন্থা তৰফৰ সম্ভন্দ্বনা জ্ঞাপন কৰা হৈছে...
যোৱা ইংৰাজী ২৪। ৮। ২০২৪ তাৰিখে দিশপুৰ প্ৰেছ ক্লাৱত সদৌ অসম নিবনুৱা সন্থা এখন বিশেষ বৈঠক অনুস্থিত হোৱা লগতে এখন সাংবাদিক মেল অনুস্থিত কৰা হয় ।
Sunday, January 26, 2025

অসমে আৰ্থিক বৃদ্ধিৰ হাৰত ৰেকৰ্ড কৰিছে নেকি ! -দিলীপ কুমাৰ শৰ্মা

Must Read
spot_img
- Advertisement -

অসমে আৰ্থিক বৃদ্ধিৰ হাৰত ৰেকৰ্ড কৰিছে নেকি ! নহলে নোহোৱা- নোপোজা তথ্যৰে অসমবাসীক বিত্তমন্ত্ৰীয়ে কিয় বিভ্ৰান্ত কৰিছে ! যদি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা তথ্য সচা হয় তেন্তে অসম চৰকাৰে দাবী নকৰে কিয় যে স্বাধীনোত্তৰ দেশৰ অৰ্থনীতিত অসমৰ অৰ্থনীতিৰ বিকাশ সৰ্বাধিক বুলি ! পাৰিবনে এই দাবী কৰিব মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে ? যদি নোৱাৰে বাজেটত উল্লেখিত তথ্য মিছা বুলি আমি দৃঢ়ভাৱে কম ৷

অসম চৰকাৰে কালি অসম বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ গৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ( GSDP) ৫.৫০ লাখ কোটি অতিক্ৰম কৰিব ৷ বিত্তমন্ত্ৰীয়ে এই কথাও কলে যে ২০২১-২২ বৰ্ষত অসমৰ GSDP ৰ পৰিমাণ আছিল ৩.৯৩ লাখ কোটি ৷ বাজেটত কিন্তু ২০২২-২৩ বৰ্ষত হোৱা আৰ্থিক বিকাশৰ হাৰ উল্লেখ নকৰিলে ৷ গতিকে এতিয়া যদি আমি বিত্তমন্ত্ৰীৰ তথ্য অনুসৰি চাও তেন্তে দেখিম যে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈকে অসমৰ আৰ্থিক বিকাশৰ হাৰ বছৰি ৪০ শতাংশ ৷ কিন্তু এয়া জানো সম্ভৱ ৷ যিখন চৰকাৰে ঋণ নোহোৱাকৈ কাম এটা কৰিব পৰা নাই অথবা সাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতা বঢ়া নাই সেইখন ৰাজ্যৰ আৰ্থিক বিকাশ ৪০ শতাংশ হব পাৰে বুলি কোনেনো বিশ্বাস কৰিব ৷ যত দেশৰ আৰ্থিক বিকাশৰ হাৰ ২০২১-২২ বৰ্ষত ৯.১ শতাংশ আৰু ২০২২-২৩ বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ মাহৰ ত্ৰৈমাসিক বৃদ্ধিৰ হাৰ আছিল মাত্ৰ ৪.৪ শতাংশ ৷ দেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালত দেশৰ কোনো ৰাজ্যৰে এইধৰণৰ আৰ্থিক বিকাশ হোৱা নাই ৷

তাৰোপৰি ২০১৬ চনত বিত্তমন্ত্ৰী হৈ থাকোতে এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত সদম্ভে ঘোষণা কৰিছিল যে এতিয়াৰ পৰা বাজেট দাখিলৰ পূৰ্বে চলিত বছৰৰ বাজেট ৰূপায়ণ সম্পৰ্কে এখন শ্বেতপত্ৰ দাখিল কৰা হব ৷ এইবাৰো তেনেকুৱা কোনো শ্বেতপত্ৰ দাখিল নকৰিলে ৷ আনহাতে বাজেট দাখিলৰ আগদিনা দিবলগীয়া অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনো দাখিল কৰা ন’হল ৷

গতিকে সকলো কথাই মাত্ৰ চমক সৃষ্টিৰ বাবে কোৱাটো কিমান সমীচীন এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰীয়ে ভাৱক !

(দিলীপ কুমাৰ শৰ্মা)

MyGov Assam Ajanta Neog #AssamBudget #assam #assamesenews

12 / 100
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

থলুৱা নিয়োগ দাবীত নিবনুৱা সন্থা নাগৰিক সভা

সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উদ্যোগত সাম্প্ৰতিক সময়ৰ পৰিবেশ পৰিস্থিতি আৰু থলুৱা নিয়োগৰ সম্পকত লখিমপুৰ পশু চিকিৎসা...

More Articles Like This

- Advertisement -
- Advertisement -