spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

বণিক গোষ্ঠীৰ লগত যুঁজা অসমীয়া মহিলা ✒️ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

Must Read
spot_img
- Advertisement -

♦ শিৱসাগৰৰ বন্দনা কৌশিক বৰদলৈৰ ‘পাহি টেক্সাটাইল’

প্ৰিয় কবি জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ শ্ৰদ্ধা জনাই প্ৰিণ্ট কৰি উলিয়াইছোঁ ‘সূৰ্য হেনো নামি আহে এটা নদীয়েদি’৷ লগতে প্ৰিণ্ট কৰি উলিয়াইছোঁ অতনু ভট্টাচাৰ্যৰ কবিতাৰ মোৰ প্ৰিয় শাৰী ‘প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়৷’ টি ছাৰ্টত এনেদৰে জনপ্ৰিয় কবিৰ কবিতা প্ৰিণ্ট কৰাৰ বাবেই ‘পাহি টেক্সাটাইল’ৰ টি ছাৰ্টৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে৷ শিৱসাগৰৰ পাহি টেক্সটাইলৰ বন্দনা কৌশিক বৰদলৈয়ে আমাক তেওঁৰ প্ৰতিষ্ঠানৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ এনেদৰে কয়৷ বৰদলৈয়ে কয়- আমাৰ প্ৰতিষ্ঠানত এনেদৰে টি ছাৰ্টত কবিতাৰ পংক্তি আদি প্ৰিণ্ট কৰি দিয়াৰ ব্যৱস্থা আছে বাবেই বহুতেই তেনে সুবিধা গ্ৰহণ কৰিছে৷

উল্লেখ্য যে শিৱসাগৰৰ আমোলাপট্টিত বন্দনা কৌশিক বৰদলৈয়ে ২০২০ চনত চাৰিখন শালেৰে ‘পাহি টেক্সটাইল’ নামৰ কাপোৰৰ প্ৰতিষ্ঠানটো স্থাপন কৰিছিল৷ এক লাখ ৮০ হাজাৰ টকাৰে প্ৰতিষ্ঠানটো স্থাপনত তেওঁক ইভা গোস্বামী, মায়াশ্ৰী বৰদলৈ আদিয়ে সহায় কৰিছিল৷ কিন্তু অতি কম সময়ৰ ভিতৰতে কেইবাখনো তাঁত শালৰে প্ৰতিষ্ঠানটোৱে জনপ্ৰিয়তা লাভ কৰিছে৷ বৰদলৈয়ে কয় যে আমাৰ ফেক্টৰীত টছ, মুগা, এৰী, পাট আদি কাপোৰ উৎপাদন কৰা হয়৷

কাপোৰত নতুন নতুন চানেকীৰ ব্যৱস্থা কৰাত সকলো শ্ৰেণীৰ গ্ৰাহকক আকৰ্ষণ কৰিছে৷ অতি কম সময়ৰ ভিতৰত নতুন নতুন চানেকীৰ কাপোৰৰ বিক্ৰী বৃদ্ধি হোৱাত আমি আত্মসহায়ক গোটৰো সহায় ল’বলগীয়া হৈছে৷ বৰদলৈয়ে কয় যে এটা পোন্ধৰজনীয়া আত্মসহায়ক গোটৰ লগত বুজাবুজি কৰি কাপোৰ উৎপাদনৰ বাবে তেওঁলোকৰ সূতা দিওঁ, কাপোৰৰ চানেকী দিওঁ৷ আনকি আত্মসহায়ক গোটৰ মহিলাক মজুৰিও দিওঁ৷ আত্মসহায়ক গোটৰ জৰিয়তে উৎপাদন কৰা কাপোৰ বিক্ৰী কৰিও আমি উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ৷ বৰদলৈয়ে কয় ‘লকডাউনৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ৷

প্ৰত্যাহ্বান এতিয়াও আছে৷ কিন্তু আমি ইতিবাচক মানসিকতাৰে কাম কৰি থকাৰ বাবেই কাপোৰৰ ব্যৱসায়ত সফল হৈছোঁ৷’ কেনেদৰে সফল হৈছোঁ বুলি প্ৰশ্ন কৰাত বৰদলৈয়ে কয়- ‘আত্মসহায়ক মহিলাৰ মজুৰি, পাহি টেক্সটাইলৰ কৰ্মী আদিৰ বাবে মাহে ৬০ হাজাৰ টকা খৰচ হয়৷ বুজন পৰিমাণৰ ধন মাহে খৰচ কৰিও আমি চলি আছোঁ৷ ব্যৱসায়ত এনেদৰে চলিব পৰাটোৱেই অন্যতম সফলতা বুলি ভাবিছোঁ৷’ বন্দনা কৌশিক বৰদলৈয়ে কয় যে কম সময়ৰ ভিতৰতে বিভিন্ন চানেকীৰ কাপোৰ শালৰপৰা কাটি বিক্ৰী কৰি অভিভূত হৈছোঁ৷ দৈনিক নতুন বিভিন্ন চানেকীৰ কাপোৰৰ লগতে গামোচা ডিজাইনৰ মেখেলা চাদৰৰ জোৰা বিচাৰি বহুত গ্ৰাহক প্ৰতিষ্ঠানলৈ আহে৷ গ্ৰাহকে আদৰি লোৱাত আমি দুবছৰৰ ভিতৰতেই আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে৷ বন্দনা কৌশিক বৰদলৈয়ে কয়- ‘কিছুমান বণিক গোষ্ঠীয়ে থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ বজাৰ নষ্ট কৰি, কোচ বিহাৰ, বিহাৰ, ছুৰাট, বেনাৰসৰ সামগ্ৰীৰ বজাৰ ভৰাই তুলিছে৷ বহুত কষ্টকৰ এই যুঁজ৷ মানুহৰ মাজত এটা ধাৰণা প্ৰতিষ্ঠা কৰি আমি বাহিৰৰ কাপোৰক প্ৰত্যাহ্বান জনোৱাটো কিছু সহজ নহয়, থলুৱা শিপিনীকো আগবঢ়াই নিবলৈ কৰা যুঁজ অব্যাহত থাকিব৷

ফোন- ৯৮৬৪০৩৭৪১৬

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0