spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

’নীট’ আৰু ’জে ই ই’ৰ একাংশ কোচিং চেন্টাৰৰ লুটৰাজ৷চৰকাৰৰ নিয়ন্ত্ৰণ নাই কিয়? ✒️জিতেন্দ্ৰ কুমাৰ চৌধুৰী

Must Read
spot_img
- Advertisement -

নাৰ্ছিং হোমৰ চিকিৎসা ব্যয়ৰ দৰেই উচ্চ শিক্ষাৰ একাংশ ’কোচিং চেন্টাৰ ’ সাধাৰণ ৰাইজৰ বাবেই ভয়লগা কাৰণ হৈ পৰিছে৷শেহতীয়া পৰিৱেশ- পৰিস্থিতিত উচ্চশিক্ষাৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ বাবেই সাজু হ’বলৈ শিক্ষাৰ্থীয়ে কোচিং চেন্টাৰত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে৷একেলগে পঢ়া বন্ধুৱে কোচিং চেন্টাৰত নামভৰ্তি কৰি সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত সফল হোৱাৰ পৰিকল্পনা কৰাৰ লগে লগে বিভিন্ন কাৰণত অভিভাৱকে একেই পন্থা ল’বলগীয়া হয়৷তদুপৰি আছে কোচিং চেন্টাৰৰ আকৰ্ষণীয় বিজ্ঞাপনৰ যাদু৷কোচিং চেন্টাৰলৈ গৈ কিন্তু অসংখ্য অভিভাৱকে অধিক টকা ভৰিবলগীয়া হৈছে৷

 

উল্লেখ্য যে এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি হোৱাৰ পুৰ্বেই সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা ‘ নীট ’ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে৷বছৰি গঢ়ে ১৮ লাখ শিক্ষাৰ্থীয়ে ‘নীট’ পৰিক্ষাত অৱতীৰ্ণ হয়৷অসমৰ পৰাও বছৰি কেইবা হাজাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে ‘নীট’ পৰীক্ষাত অৱতীৰ্ণ হয়৷যাতে চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুমতি পায়৷‘নীট’ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰয়োজনীয় ৰেংক পালেহে চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ যুযোগ পোৱা যায়৷একেদৰে ‘জে ই ই’ আৰু ‘জে ই ই এডভান্স’ প্ৰৱেশ পৰীক্ষাত সফল হ’বৰ বাবেও শিক্ষাৰ্থীয়ে ‘জে ই ই’ কোচিং কৰে৷ আই আই টি, এন আই টি আদি অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানত অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অসমৰো কেইবা হাজাৰ শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা ’জে ই ই’ ত অৱতীৰ্ণ হয়৷ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনেধৰণৰ প্ৰৱেশ পৰীক্ষাত সফল হোৱাটো সহজ নহয়৷কষ্টকৰ অধ্যয়নৰ জৰিয়তে এনেধৰণৰ পৰীক্ষাত সফল হ’ব পৰা যায়৷আৰু এনেধৰণৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ বাবেই সম্প্ৰতি গুৱাহাটীকে ধৰি প্ৰধান নগৰসমূহত কোচিং চেন্টাৰ গঢ়ি উঠিছে৷দেশৰ নাম থকা কোচিং কেন্দ্ৰৰে গুৱাহাটী, শিলচৰ, যোৰহাট আদি ভৰি পৰিছে৷সেইবোৰ কোচিং কেন্দ্ৰত অধিক মাচুল লোৱাৰ প্ৰতিযোগিতা চলাৰ দৰে হৈছে৷চৰকাৰে বৃহৎ কোচিং কেন্দ্ৰসমূহত মাচুল নিৰ্ধাৰণ কৰি নিদিয়াত যাৰ যি মন তেনেদৰে কোচিং কেন্দ্ৰত নামভৰ্তিৰ বাবে টকা লোৱা হয়৷গুৱাহাটীতেই দেশৰ সকলো বিখ্যাত ’জে ই ই’ আৰু ’নীটৰ’ কোচিং কেন্দ্ৰ আছে৷একোটা কোচিং কেন্দ্ৰত বিজ্ঞাপনৰ জৰিয়তে শিক্ষাৰ্থীক আকৰ্ষণ কৰি উচ্চ হাৰৰ মাচুল লোৱা হয়৷জে ই ই আৰু নীটৰ দুবছৰীয়া কোচিঙত ১,৬০০০০ ৰ পৰা ৩,৫০০০০ টকা পৰ্যন্ত লোৱা হয়৷ৰেহাই হাৰত নামভৰ্তিৰ সুযোগ দিয়া হ’ব বুলি পৰীক্ষা অনুষ্ঠিত কৰা হয়৷পৰীক্ষাৰ অন্তত অভিভাৱকক কোৱা হয় আপোনাৰ সন্তানে ভাল নম্বৰ পাইছে৷সাধাৰণতে দুবছৰত ২ লাখ ৫০ হাজাৰ টকা লাগে৷ইয়াৰে ১০ শতাংশ ৰেহাই দিয়া হৈছে! এনেধৰণৰ ব্যৱস্থাৰে নামভৰ্তি অব্যাহত ৰথা হয়৷কেতিয়াবা সোনকালে নামভৰ্তি কৰা বাবে দুবছৰত ১লাখ ৮০ হাজাৰ টকা লোৱা হয়৷ইয়াৰ বিপৰীতে পলম হোৱা বুলি আন একাংশ অভিভাৱকা পৰা ৩ লাখ টকা পৰ্যন্ত লোৱা হয়৷ কোচিং কেন্দ্ৰ নামভৰ্তিৰ বাবে কেতিয়া কোনজন অভিভাৱকা পৰা কিমান টকা সন্তানৰ নামভৰ্তিৰ বাবে কিমান লোৱা হয় তাৰ নিশ্চয়তা নাথাকে৷চৰকাৰৰো নিয়ন্ত্ৰণ নাই৷সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ সকলোৰে সপোন থাকে৷সেই সপোনৰ সুযোগ লৈ কোচিং কেন্দ্ৰৰ নামত একাংশই লুটৰাজ চলোৱাৰ অভিযোগ উঠিছে৷এইক্ষেত্ৰত চৰকাৰে মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে কিয়? চৰকাৰে এনেবোৰ দিশত দায়বদ্ধতাৰ পৰিচয় নিদি আন কথাত সময় পাৰ কৰাত লাগিছ কিয়? সাংবিধানিক দায়িত্ব পালন কৰি চৰকাৰে সকলো দিশত আইনৰ শাসন পৰিচালনা কৰি ৰাইজক সকাহ নিদিয়ে কিয়?

9 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0