spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

বস্ত্ৰ ব্যৱসায়েৰে জাতিৰ সেৱা আই আই এম ডিগ্ৰীধাৰীৰ ✒️ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

Must Read
spot_img
- Advertisement -
গুৱাহাটীৰ প্ৰণৱ তালুকদাৰে ৭০ জন অসমীয়াক সংস্থাপন দিছে৷ দৈনিক অসম৷ ৩-৮-২০২৩
আই আই এম শ্বিলঙৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰণৱ তালুকদাৰে গুৱাহাটীত স্থায়ীভাৱে তৈয়াৰ কৰা কাপোৰৰ জৰিয়তে চুৰাটৰ লগতে বিভিন্ন ৰাজ্যৰ নামী-দামী বস্ত্ৰ কোম্পানীকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে৷ চীনৰ চাংহাই, বেংগালুৰু আদিত আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিষয়া হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা এই যুৱকজনে গুৱাহাটীতেই বস্ত্ৰ উৎপাদন কৰা কোম্পানী স্থাপন কৰি সফল হৈছে৷ আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ মোটা দৰমহাৰ পেকেজেৰে প্ৰণৱে আন্তঃৰাষ্ট্ৰীয় কোম্পানীত চাকৰি কৰি আজীৱন সুখত থাকিব পাৰিলেহেঁতেন৷
কিন্তু তেওঁৰ ইচ্ছা আছিল অসমত তৈয়াৰ কৰা কাপোৰেৰে দেশ-বিদেশৰ নামী-দামী প্ৰতিষ্ঠানক প্ৰত্যাহ্বান জনোৱাৰ৷ প্ৰণৱে সম্প্ৰতি প্ৰতিমাহে প্ৰায় ৪০ লাখ টকাৰ কাপোৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বজাৰত বিক্ৰী কৰে৷ কাপোৰ তৈয়াৰ কৰা ৮৫ টা মেচিন থকা প্ৰণৱে নতুনকৈ চুৱেটাৰ তৈয়াৰ কৰা মেচিনো ক্ৰয় কৰিছে৷ প্ৰায় ৭০ জন কৰ্মচাৰীক নিয়মীয়াকৈ দৰমহা দিয়া প্ৰণৱে অনাগত সময়ত বস্ত্ৰ ব্যৱসায় বৃদ্ধি কৰি অধিক অসমীয়াক নিযুক্তি দিয়াৰ সংকল্প লৈছে৷ গুৱাহাটীৰ হাতীগড় চাৰিআলি নিৱাসী প্ৰণৱ তালুকদাৰে বহুৰাষ্ট্ৰীয় কোম্পানীৰ উচ্ছ পদৰ চাকৰি এৰি বস্ত্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে বিৰল উদ্যমৰ পৰিচয় দিছে৷ গোৰেশ্বৰ মহাবিদ্যালয়ৰ অংকশাস্ত্ৰৰ অধ্যাপক প্ৰয়াত যতীন্দ্ৰ নাথ তালুকদাৰ আৰু কামৰূপ অকাডেমিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জয়া তালুকদাৰৰ একমাত্ৰ পুত্ৰ প্ৰণৱ তালুকদাৰে এন আই টি ট্ৰিচি আৰু আই আই এম শ্বিলঙৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈছিল৷ অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি তেওঁ ২০০৭ চনত গুৰগাঁৱৰ মাৰুতি ছুজুকীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিছিল৷ কিন্তু আই আই এম শ্বিলঙত এম চি এ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলগীয়া হোৱা বাবে তেওঁ সেই চাকৰি ত্যাগ কৰে৷ আই আই এমৰ পৰা উত্তীৰ্ণ হৈ তেওঁ মুম্বাইত হিন্দুস্তান পেট্ৰ’লিয়ামৰ চাকৰিত যোগদান কৰে৷ তাত এবছৰ চাকৰি কৰাৰ পাছত প্ৰণৱ তালুকদাৰে ২০১২ চনৰপৰা বহুৰাষ্ট্ৰীয় কোম্পানী এটাত যোগদান কৰে৷ প্ৰায় চাৰে সাতবছৰ তেওঁ বেংগালুৰু, চীনৰ চাংহাই আৰু কলকাতাত কোম্পানীটোৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি ব্যৱসায়িক ক্ষেত্ৰৰ বিভিন্ন অভিজ্ঞতা আহৰণ কৰে৷
নিজৰ ৰাজ্যৰ হকে কিবা এটা কৰাৰ বাসনা এটাই প্ৰণৱ তালুকদাৰৰ মনত দোলা দি থকাৰ সময়তেই ২০০৮ চনত অসমত এডভাণ্টেজ আছাম কাৰ্যসূচী অনুষ্ঠিত হৈছিল৷ তালুকদাৰে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটীৰ বৰাগাঁৱত মৃতপ্ৰায় হৈ পৰি থকা কেন্দ্ৰীয় চৰকাৰৰ ৰেচম মন্ত্ৰণালয়ৰ বস্ত্ৰ উদ্যোগ এটা পুনৰ আৰম্ভ কৰিবলৈ দহ বছৰ লীজত লোৱাৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ ‘ন’বল টেক্সটাইল’ নামেৰে আৰম্ভ কৰা এই উদ্যোগটোৰ বাবে তেওঁ প্ৰথমে এটা ভাৰতৰ বিখ্যাত অন্তৰ্বাস নিৰ্মাণ কোম্পানীৰ ‘ফ্ৰেনচাইজী’ গ্ৰহণ কৰে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত পোৱা এই কোম্পানীটোৰ বস্ত্ৰ বৰ্তমান তালুকদাৰৰ বস্ত্ৰ উদ্যোগৰপৰাই যোগান ধৰা হয়৷ তেওঁ লাহে লাহে অসমত ব্যৱসায়িকভাৱে সফল বিভিন্ন বিপণীৰ সৈতে চুক্তিবদ্ধ হৈ কাৰ্যালয়-বিদ্যালয় আদিৰ ইউনিফৰ্মকে আদি কৰি প্ৰয়োজনীয় বস্ত্ৰ যোগানৰ কাম হাতত লয়৷ ২০১৯ চনত এই ক্ষেত্ৰখনৰেই অন্য এটা দিশত জড়িত দেৱৰাজ সিনহাক প্ৰণৱ তালুকদাৰে ব্যৱসায়িক সংগী হিচাপে লয়৷ সিনহাই তালুকদাৰৰ বস্ত্ৰ উদ্যোগৰ বিভিন্ন দিশ চোৱা-চিতা কৰিবলৈ লয়৷ চাৰিগৰাকী পৰ্যৱেক্ষকসহ মুঠ ৭০ গৰাকী স্থানীয় যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হোৱা প্ৰণৱ তালুকদাৰ এতিয়া নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈছে৷
জিতেন্দ্ৰ কুমাৰ চৌধুৰী
ফোনঃ ৯৮৬৪০-৩৭৪১৬

Ads

9 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0