সকলোৱে মনে মনে বাছনি কৰি নিজে পচন্দ কৰা কৰ্মসংস্থাপন বিচাৰে৷ বিভিন্ন কৰ্মসংস্থানৰ বাবে যোগ্যতাও বিভিন্ন ধৰণৰ আৰু শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমো বিভিন্ন ধৰণৰ৷ তাৰে কেইটামান হ’ল-
এগ্ৰিকালচাৰঃ
এগ্ৰিকালচাৰ বা কৃষি প্ৰযুক্তিবিজ্ঞান অধ্যয়নৰ জৰিয়তে কৰ্মসংস্থাপন পোৱাৰ সুবিধা সৰ্বাধিক৷ ভাৰত কৃষিপ্ৰধান দেশ, সেয়ে কৃষিবিষয়ক বিভিন্ন পাঠ্যক্ৰম পঢ়াৰ ব্যৱস্থা দেশখনত অনেক আছে৷ কৃষি-প্ৰযুক্তি, কৃষি অৰ্থনীতি, গ্ৰামীণ-অৰ্থনীতি বিষয়ক নানান পাঠ্যক্ৰম আছে৷ এইবোৰ পাঠ্যক্ৰমৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কৃষি বিভাগ, কাৰ্যালয়, কেন্দ্ৰ, গৱেষণাগাৰ আদিত নিযুক্তিৰ সম্ভাৱনা আছে৷ কৃষি-বিষয়ক জ্ঞান অৰ্জন, প্ৰশিক্ষণ আদিৰে নিজা কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলি দহজনকো কৰ্মসংস্থাপন দিব পাৰি৷
কৃষি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ হ’ল- বি এছ চি অব এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেডাৰী, বি এছ চি অব ভেটেৰিনাৰী চায়েন্স এণ্ড এনিমেল হাজবেডাৰী, বেচেলৰ অব ফিচাৰি চায়েন্স, বেচেলৰ অব হোম চায়েন্স আৰু প্ৰডাকচন ইঞ্জিনীয়াৰিং এণ্ড কম্পিউটাৰ ইঞ্জিনীয়াৰিং চিভিল-ইলেক্ট্ৰিকেল-মেকানিকেল-এগ্ৰিকালচাৰেল ইঞ্জিনীয়াৰিং, ইলেক্ট’নিক এণ্ড কমিনিউকেচনছ আদিও পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত৷ এই সকলোবোৰ পাঠ্যক্ৰম অধ্যয়ন তথা কৃষি বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰাৰ্থীগৰাকী বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব৷
যোগাযোগ ঠিকনা–Assam Agriculture University, Khanapara, Guwahati-781022, Assam Agricultural University, Jorhat-13, Biswanath College of Agriculture, Biswanath Chariali-784176, College of Agriculture, Raichur-584101, Karnataka, Agriculture College and Research Institute, Caimbatore- 641003.