বিশ্বৰ অন্য ঠাইৰ দৰে অসমৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনা ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ পৰিছে পৰ্যটন উদ্যোগ৷ আৰ্থিক বিকাশ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটন খণ্ডৰ ভূমিকা উল্লেখনীয়৷ ২০১৫-১৬ চনৰ তথ্য অনুসৰি পৰ্যটন খণ্ডৰ অংশ অসমৰ জি ডি পিৰ ৫.৫ শতাংশ আৰু নিয়োগৰ ক্ষেত্ৰত ১০.৪ শতাংশ৷ ২০২২-২৩ চনত জি ডি পি ৬.৫ শতাংশলৈ বৃদ্ধি পাইছে৷ আৰু কৰ্মসংস্থাপন ১১.৮ শতাংশ. ইয়াৰ কাৰণ ২০১৯ৰ তুলনাত পৰ্যটকৰ সংখ্যা ৫৭৭ শতাংশ বৃদ্ধি হৈছে৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ভৌগোলিক অৱস্থিতিয়ে দেশীয় আৰু বিদেশী পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে৷ চৰকাৰৰ তথ্য অনুসৰি ২০১৫-১৬ বৰ্ষত দেশী পৰ্যটকৰ সংখ্যা আছিল ৫৪,৯১,৫০৭ জন আৰু বিদেশী পৰ্যটকৰ সংখ্যা আছিল ২৪,৬৭৩ জন৷ ২০১৫-১৬ চনৰ তথ্য অনুসৰি পৰ্যটকৰ এই সংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হৈছে চৰকাৰে গ্ৰহণ কৰা ২০১৮ চনৰ পৰ্যটন নীতি৷ এই আঁচনিৰ লক্ষ্য হৈছে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীৰ সহযোগত পৰ্যটনস্থলসমূহৰ বিকাশ সাধন কৰা৷ এই নীতিৰ ফলত ২০২২ চনৰ জানুৱাৰীলৈ দেশী, বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হয় ৮৮ লাখলৈ৷
২০২০ চনত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৫১ লাখ৷ ইয়াৰ অন্যতম কাৰণ অসমৰ সুস্থিৰ আইন-শৃংখলা পৰিস্থিতি৷ এই নীতিৰ আধাৰত পৰ্যটনস্থল উন্নয়ন সাধন কৰাৰ উপৰি যোগাযোগৰ সুচল ব্যৱস্থা কৰা৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ২০২২ চনত তৃতীয় পৰ্যটন নীতি ঘোষণা কৰে৷ উল্লেখযোগ্য যে অসম চৰকাৰৰ ২৮ জুলাই, ২০২২ তাৰিখৰ কেবিনেট বৈঠকে ‘অসম পৰ্যটন নীতি ২০২২’ক মঞ্জুৰি প্ৰদান কৰে৷ এই নীতিৰ আধাৰত পৰ্যটন খণ্ডক উদ্যোগ খণ্ডৰ মৰ্যাদা প্ৰদান কৰে৷ ইয়াৰ ফলত পৰ্যটন ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ সুবিধা বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ নতুন পৰ্যটন নীতি ২০২২ৰ অধীনত অসমৰ কেইবাটাও ঐতিহাসিক খণ্ডক টুৰিজিমৰ অন্তৰ্ভুক্তিৰে কেইবাটাও লক্ষ্য স্থিৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে পৰ্যটনস্থলসমূহত স্থানীয় লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধা কৰা, চৰকাৰৰ সহযোগত স্থানীয় লোকৰ দ্বাৰা বাণিজ্যিকভাৱে আলহী ঘৰ নিৰ্মাণ কৰা৷ লগতে পৰ্যটনস্থলসমূহক লৈ বিশেষ পৰ্যটন মণ্ডল গঠন কৰি ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধি কৰাৰ লক্ষ্য লৈ পৰ্যটন বিভাগটো আগবঢ়িছে৷
পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী আৰু এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যাৰ বাবে বিশ্বৰ পৰ্যটন মানচিত্ৰত অসমে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ অসমৰ চাহ বাগিচা বিশ্বত সমাদৃত আৰু অসমৰ ৰপ্তানি চাহ সামগ্ৰীৰ ভিতৰত অন্যতম হৈছে চাহ৷ ইয়াৰ জৰিয়তে অসমৰ চাহ বাগিচাসমূহে বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ভালুকপুং, মধ্য অসমৰ চনকা আৰু পবিতৰা অভয়াৰণ্য, চানডুবি আদি উল্লেখযোগ্য স্থান৷ নামনি অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ উপৰি অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও জনজাতীয় লোককলা-সংস্কৃতিৰ এক পৰ্যটনস্থল৷ ৰে’ল সেৱাৰ লগতে পৰিবহণ, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত পৰ্যটন উদ্যোগে এক নতুন গতি পাবলৈ সক্ষম হৈছে৷ ইতিমধ্যে অত্যাধুনিক যাত্ৰীবাহী ৰে’ল ‘বন্দে ভাৰত’ এক্সপ্ৰেছ গুৱাহাটীলৈ সম্প্ৰসাৰিত হৈছে৷ মুঠতে বৰ্তমানৰ চৰকাৰে লোৱা পৰ্যটন আঁচনিসমূহে অসমৰ আৰ্থিক বিকাশ আৰু নতুন কৰ্ম সৃষ্টিৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে৷
ফোন : ৯৮৬৪০১৬৯১২