Home উপাৰ্জনৰ পথঃ হস্ততাঁত বস্ত্ৰশিল্প নীতি ✒️ প্ৰফুল্ল কুমাৰ শইকীয়া

হস্ততাঁত বস্ত্ৰশিল্প নীতি ✒️ প্ৰফুল্ল কুমাৰ শইকীয়া

0
Morigaon, India. 31 March 2022. An Assamese woman weaves Assamese Traditional Gamosa (scarf) in handloom, ahead of Rongali Bihu festival on March 31, 2022 in Mayong, Morigaon, India. Gamosa is a social identity of the Assamese people which is an essential part during celebration of Bihu festival of Assam.

ৰাজ্য চৰকাৰে ১ জানুৱাৰী ২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন হস্ততাঁত বস্ত্ৰ নীতি ঘোষণা কৰিছে৷ এই নীতিৰ যোগেদি দিব খোজা উদ্গণিমূলক সাহায্যসমূহ হ’ল—

(১) চৰকাৰী ৰেছম বেংকৰ পৰা ক্ৰয় কৰা ৰেছম “ক’কন”ত ১০ শতাংশ ৰাজসাহায্য সৰ্বোচ্চ ২৫ লাখ টকা পৰ্যন্ত দিয়া হ’ব৷

(২) চৰকাৰী ৰেছম বেংকৰ পৰা “ক’কন” ক্ৰয় কৰিবলৈ ৫ লাখ টকা পৰ্যন্ত ঋণৰ ব্যৱস্থা কৰা হ’ব৷

(৩) হস্ততাঁত শিল্পত উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ বাবে হোৱা ব্যয়ৰ ৫০ শতাংশ ধন সাহায্য হিচাবে দিয়া হ’ব৷

(৪) এবছৰত মাত্ৰ এবাৰৰ বাবে ১০ শতাংশ সৰ্বোচ্চ ৫ লাখ টকা পৰ্যন্ত কাৰ্যকৰী মূলধন আগবঢ়োৱা হ’ব৷ ৰপ্তানিকৃত গোটসমূহৰ বাবে অতিৰিক্ত ১০ শতাংশ কাৰ্যকৰী মূলধন আগবঢ়োৱা হ’ব৷

Artfed on handloom gamosa -buying spree - Telegraph India

এইবোৰৰ বাহিৰেও হস্ততাঁত বস্ত্ৰ নীতিৰ জড়িয়তে নিপুন বোৱনী সৃষ্টি কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰশিক্ষণ অনুষ্ঠানসমূহকো উন্নত কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ ৰাখিছে৷ নতুন উৎপাদিত সামগ্ৰীৰ আৰ্হিৰ বাবে গৱেষণা, আৰ্হি নিৰ্মাণ, তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ বাবেও ব্যৱস্থা হাতত ল’বলৈ প্ৰস্তাৱ ৰাখিছে৷

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version