Home নিয়োগ বাৰ্তাঃ সংযুক্ত আৰব আমিৰশ্বাহী, জাপান, অষ্ট্ৰেলিয়া, কানাডাৰ নিয়োগৰ সুবিধা

সংযুক্ত আৰব আমিৰশ্বাহী, জাপান, অষ্ট্ৰেলিয়া, কানাডাৰ নিয়োগৰ সুবিধা

0

◊ ১০ হাজাৰ আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সুযোগ ‘ভি’ৰ

ভাৰতৰ উচ্চাকাংক্ষী যুৱক-যুৱতীসকলক এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰাৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ভাৰতৰ আগশাৰীৰ দুৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ‘ভি’য়ে দেশৰ অন্যতম বৃহৎ চাকৰি সন্ধান প্লেটফৰ্ম ‘অপনা’ৰ সহযোগত ইয়াৰ গ্ৰাহকসকলৰ বাবে ১০ হেজাৰ আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সুযোগ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ এই সুবিধা কেৱল ‘ভি জবছ এণ্ড এডুকেচন প্লেটফৰ্ম’তহে আগবঢ়োৱা হৈছে৷

ভিৰ গ্ৰাহকসকলে সংযুক্ত আৰব আমিৰশ্বাহী, জাপান, মালয়েছিয়া, ৰাছিয়া, জাৰ্মানী, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, কানাডা আৰু গ্ৰেট ব্ৰিটেইনৰ দৰে দেশসমূহত উৎপাদন, বিক্ৰী, ব্যৱসায় উন্নয়ন, গ্ৰাহক সেৱা, লজিষ্টিক ইত্যাদি খণ্ডত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব৷ আন্তঃৰাষ্ট্ৰীয় খণ্ডত চাকৰিৰ আবেদনৰ বাবে স্নাতক ডিগ্ৰী, আই টি আই চাৰ্টিফিকেচন নাইবা বিশেষ ডিপ্ল’মাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব৷ তদুপৰি ভাৰতত নিৰ্দিষ্ট ক্ষেত্ৰখনত কৰ্ম অভিজ্ঞতাৰে পুষ্ট হ’ব লাগিব প্ৰাৰ্থীসকল৷

জনগাঁথনিগত লাভাংশৰ সুবিধা গ্ৰহণ কৰি ভাৰতত বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ চৰকাৰ ভিজনৰ সৈতে সংগতি ৰাখি ভিয়ে ‘অপনা’ৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰিছে৷ সমস্যা সমাধানৰ মানসিকতা, ডিজিটেলভাৱে সাক্ষৰ, নতুন প্ৰযুক্তিক সহজে আঁকোৱালি ল’ব পৰা ক্ষমতা, কঠোৰ পৰিশ্ৰমৰ প্ৰতি জন্মগত দায়বদ্ধতা থকাৰ বাবে বহু দেশে ভাৰতৰ প্ৰতিভাৱান যুৱচামক নিয়োগ কৰিবলৈ পছন্দ কৰে৷ সকলোৰে বাবে বিনামূলীয়াকৈ উপলব্ধ ‘ভি ইণ্টাৰনেচনেল জবছ’ ব্যৱহাৰকাৰীসকলে i লিংকৰ জৰিয়তে ভি এপত ভি জব্ছ প্লেটফৰ্মৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷

15 / 100 SEO Score

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version