Home All থলুৱা নিয়োগ দাবীত নিবনুৱা সন্থা নাগৰিক সভা

থলুৱা নিয়োগ দাবীত নিবনুৱা সন্থা নাগৰিক সভা

0

সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উদ্যোগত সাম্প্ৰতিক সময়ৰ পৰিবেশ পৰিস্থিতি আৰু থলুৱা নিয়োগৰ সম্পকত লখিমপুৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ কায্যালয়ত দিনৰ ১১ বজাত এখন নাগৰিক সভা অনুস্থিত হয় ।সভাত ভাষন প্ৰদান কৰে সমাজকৰ্মী উদয় শঙ্কৰ হাজৰিকা, অসম উন্নতি সভা লখিমপুৰ জিলাৰ সভাপতি বাবুল চুতীয়া , চুতীয়া জাতি সন্মিলনৰ জিলা কায্যকৰি সভাপতি নিতুল চুতীয়া, মানৱ অধীকাৰ সংগ্ৰাম সমিতি কেন্দ্ৰীয় সচিৱ ৰাজু সিংহ , লখিমপুৰ সচেতন নাগৰিক মঞ্চৰ সম্পাদক মঃ ছাজাদ হাজৰিকা , বিশিষ্ট সমাজ সেৱক বিদ্যা গোঁহাই, তাৰক বৰা , হাৰনুল ৰছিদ আদি কৰি বিশিষ্ট ব্যক্তি সকলে বক্তব্য ৰাখে । ৰাজহুৱা প্ৰতিষ্ঠান , বে- চৰকাৰী উদ্যোগ প্ৰতিষ্ঠান , কেন্দ্ৰীয় -অৰ্ধ কেন্দ্ৰীয় প্ৰতিষ্ঠান , ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান সমূহত থলুৱা নিবনুৱাক নিয়োগ কৰিবলৈ আৰু মাটি বিক্ৰী যাতে অনা অসমীয়াক কৰিব নোৱাৰে তাৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰন কৰা সিদ্ধান্ত গ্ৰহন কৰা হয় । এই ক্ষেত্ৰত সকলো দল সংগঠনৰ লগতে অসমৰ জন সাধাৰনৰ সহায় সহযোগিতা নিবনুৱা সন্থাই কামনা কৰিছো ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version