
সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে কয় যে অসম বিধান সভা সচিবালয়ত সচিবালয়ৰ উপ বিধি উলংঘা কৰি পূর্ব অধ্যক্ষ গৰাকীয়ে সচিব দুলাল পেগুক সচিব হিচাপে নিয়োগ কৰিছিল। সচিব দুলাল পেগুৱে ৩১ জানুৱাৰী ২০২৪ত অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু তেখেতক পুনৰ অধ্যক্ষই ২ বছৰ কাৰ্যকাল বৃদ্ধি কৰে যদিও ২ বছৰ কাৰ্যকাল শেষ হোৱাত পুনৰ অধ্যক্ষই ৩১ জানুৱাৰী ২০২৬ লৈ নির্দিষ্ট কাললৈ কাৰ্যকাল বৃদ্ধি কৰে। এই সময়ছোৱাত সচিবালয়ত বিভিন্ন পদত স্থায়ী আৰু অস্থায়ী বহুতো বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনে নিযুক্তি প্ৰদান কৰাৰ লগতে সচিবালয়ত ঠিকা আৰু যাৱতীয় আঁচবাব ক্ৰয় কৰাৰ বিভিন্ন সময়ত সংবাদ মাধ্যমত প্রকাশ পাইছিল। এই দূর্নীতি অনিয়মৰ বিৰুদ্ধে সন্থাই অধ্যক্ষক লিখিত অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজনীত আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়। গোচৰ নম্বৰ Pil/5183/2026 আবেদনকাৰী জীৱন ৰাজখোৱা সাধাৰণ সম্পাদক, সদৌ অসম নিবনুৱা সন্থা, কেন্দ্ৰীয় সমিতি, কেছৰ তাৰিখ ০৮-০৫-২০২৬ সচিব দুলাল পেগুক সচিব পদৰ পৰা অব্যাহতি দিব লাগে। অন্যহাতেদি সচিবালয়ৰ উপবিধি অনুসৰি সচিবজন আইনৰ ডিগ্রী থাকিব লাগে। দুলাল পেগুৰ আইনৰ ডিগ্ৰী নাই বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছো। বিধানসভা নব নির্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সচিব দুলাল পেগুক অপসাৰন কৰাত অধ্যক্ষ গৰাকীক নিবনুৱা সন্থাই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দুলাল পেগুৰ কাৰ্যকালত হোৱা নিযুক্তি, ঠিকাকে আদি কৰি সকলো দুর্নীতি তদন্ত কৰিবলৈ নিবনুৱা সন্থাই এখন স্মাৰক পত্ৰ প্ৰদান কৰি আহ্বান জনালো বুলি উল্লেখ কৰে৷