ভাৰতীয় ৰে’ল বিভাগে ছাউথ ইষ্ট ৰে’লৱে ১,০০০ৰো অধিক খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদনপত্ৰ বিচাৰিছে৷ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ছাউথ ইষ্ট ৰে’লৱে এছিছটেণ্ট ল’ক’ পাইলট, টেকনিচিয়ান, জুনিয়ৰ ইঞ্জিনিয়াৰৰ দৰে পদত প্ৰাৰ্থীক নিযুক্তি দিব৷ দশম শ্ৰেণী উত্তীৰ্ণ ইচ্ছুক অৰ্হতাধাৰী প্ৰাৰ্থীয়ে secr.indianrailways.gov.in ৱেবছাইট ভিজিট কৰি অহা ২১ আগষ্টৰ ভিতৰত এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব৷ নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ লিখিত পৰীক্ষা লোৱা হ’ব৷ নিৰ্বাচিত প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেচন কৰাৰ পাছত চূড়ান্ত নিযুক্তি দিয়া হ’ব৷
খালী পদৰ সবিশেষ :
এছিছটেণ্ট ল’ক’ পাইলট : ৮২০টা পদ
টেকনিচিয়ান : ১৩২টা পদ
জুনিয়ৰ ইঞ্জিনয়াৰ : ৬৪টা পদ
বেতন নিৰিখ : নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক মাহে ৬১,৫০০ টকালৈকে বেতন প্ৰদান কৰা হ’ব৷
বয়সৰ সীমা : এই পদসমূহৰ বাবে আবেদনকাৰীৰ বয়স কমেও ১৮ বছৰ আৰু সৰ্বাধিক ৪৭ বছৰ হ’ব লাগিব৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই লাভ কৰিব৷
নিৰ্বাচন প্ৰক্ৰিয়া : প্ৰাৰ্থীৰ প্ৰথমতে লিখিত পৰীক্ষা লোৱা হ’ব৷ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণৰ পাছত নিযুক্তিৰ বাবে বিবেচনা কৰা হ’ব৷
শৈক্ষিক অৰ্হতা : এইসমূহ পদৰ বাবে প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা কমেও ৫০ শতাংশ নম্বৰসহ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব৷ তদুপৰি প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট ট্ৰেডত আইটিআইৰ পাঠ্যক্ৰম উত্তীৰ্ণ হ’ব লাগিব৷
কেনেকৈ আবেদন কৰিব : প্ৰাৰ্থীয়ে প্ৰথমতে secr.indianrailways.gov.in ৱেবছাইট লগ ইন কৰক৷ এতিয়া এপ্লাই অনলাইনত ক্লিক কৰক৷ আপোনাৰ পৰা বিচৰা সকলো তথ্যপাতি জমা দিয়ক৷ এতিয়া প্ৰয়োজনীয় ডকুমেণ্ট আপলোড কৰক৷ পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ আৰু নিজৰ চহী আপলোড কৰক৷ এতিয়া আবেদনপত্ৰ শুদ্ধভাৱে পূৰণ কৰি অনলাইনত জমা দিয়ক৷